সাহিত্য অকাডেমিৰ বাবে মনোনীত হোৱা অসমীয়া ১০ জনীয়া সাহিত্যিকৰ তালিকা
২০২১ বৰ্ষৰ বাবে সাহিত্য অকাডেমিৰ দ্বাৰা মনোনীত অসমীয়া সাহিত্যিক আৰু গ্ৰন্থৰ নাম ৰাজহুৱা হৈছে ৷ এই বৰ্ষৰ সাহিত্য অকাডেমিৰ বাবে মনোনীত হৈছে অসমীয়া ভাষাৰ ১০ খন গ্ৰন্থ । মনোনীত হৈছে সৌমদ্বীপ দত্তৰ ‘অসমৰ বৌদ্ধ কিৰাট’’, নন্দীতা দেৱীৰ ‘ বংগাল বহু দুৰ ‘ স্বৰ্গীয় বিপুল খাটনিয়াৰৰ দ্বাৰা ৰচিত ‘ঘঁৰিয়াল ডাঙাৰ কথা’, অনুৰাধা শৰ্মা পুজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল ‘ প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী ‘ সোণৰ চামুচ মুখত লৈ ‘. লীনা শৰ্মাৰ ‘কৃষ্ণধৰা’, অনুভৱ তুলসীৰ ‘ বানান কৰি পঢ়া লুইতৰ পানী’, ৰুমী লস্কৰ বৰাৰ ‘কালাগ্নি’, মনিকুন্তলা ভট্টচাৰ্যৰ ‘জলকন্যা’ আৰু কুসুমঞ্জলী শৰ্মাৰ ‘ৰাধা তুমি ‘ ৷ ছ’চিয়েল মিডিয়াযোগে এই তালিকা শেহতীয়াকৈ ৰাজহুৱা হৈছে ৷
