Daily Time Axom

হোৱাইট হাউচত নাই খ্ৰীষ্টমাছৰ আনন্দ, ম্লান কৰিলে ক’ৰণাই

0 9

ক’ৰোনা ভাইৰাছৰ নৱতম ৰুপ ওমিক্ৰনে আমেৰিকাৰ হোৱাইট হাউচৰ খ্ৰীষ্টমাছৰ আনন্দ ম্লান কৰিছে । ওমিক্ৰণ ভাইৰাছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য কৰি এইবেলি হোৱাইট হাউচত আয়োজন নহয় খ্ৰীষ্টমাছৰ কোনো কাৰ্যসুচী । ক’ৰোনা মহামাৰীৰ পূৰ্বে প্ৰতি বছৰে আমেৰিকাৰ হোৱাইট হাউচত আয়োজিত হৈ আহিছিল খ্ৰীষ্টমাছৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠান । এই অনুষ্ঠানত ভাগ লৈছিল সাধাৰণ জনতায়ো ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো ৱাইডেন আৰু আমেৰিকাৰ প্ৰথম মহিলা জিল ৱাইডেনে এইবছৰ খ্ৰীষ্টমাছৰ কোনো অনুষ্ঠান আয়োজন নকৰে হোৱাইট হাউচত । ইয়াৰ সলনি অপেন হাউচ আয়োজিত হ’ব হোৱাইট হাউচত ।

Leave A Reply

Your email address will not be published.