Daily Time Axom

উচৱৰ ৰাতি আধা পৃথিৱী হৈ থাকিল গৃহবন্দী ৷ ওমিক্ৰনে ম্লান পেলালে খ্ৰীষ্টমাছ ৷

0 7

এইবাৰ খ্ৰীষ্টমাছ উৎসৱৰ দিনা আধা পৃথিৱী হৈ থাকিল গৃহবন্দী । ক’ৰোনাৰ ওমিক্ৰন স্ট্ৰেইনত ব্ৰিটেইনত দৈনিক লাখত গড় সংক্ৰমণ হৈছে । দেশখনৰ ৰাজধানী লণ্ডনত প্ৰতি ২০ জনৰ ভিতৰত এজন ব্যক্তি ক’ৰোনা সংক্ৰমিত। ফ্ৰান্সতো ক’ৰোনা আক্ৰান্তই এতিয়া এক মিলিয়ন স্পৰ্শ কৰিছে । ইটালীতো সংক্ৰমণ বৃদ্ধি পাইছে। এতিয়া ভয়ত আছে আমেৰিকা। ইউৰোপৰ পিছত সংক্ৰমণৰ ঢৌৱে সেই দেশতো আঘাত হানিব বুলি বিশেষজ্ঞৰ ঘোষণা । বহু বিশেষজ্ঞই কয়, “ওমিক্ৰনে চুনামি আনিব পুনৰ। ”

বছৰটোৰ শেষ সপ্তাহত, নৱবৰ্ষৰ বন্ধত দেশ আৰু বিদেশ ভ্ৰমণৰ বাবে যোৱাৰ সময়তে আমেৰিকাৰ বিমান সেৱাই উৎসৱৰ ব্যস্ততম দিনবোৰত শ শ বিমান বাতিল কৰিছে। ডেল্টা এয়াৰলাইনছে ২৬৮ খন বিমান বাতিল কৰিছে। ইউনাইটেড এয়াৰলাইনছে ১৯৬ খন বিমান বাতিল কৰিছে। জেট ব্লুয়েও ১০০ তকৈও অধিক বিমান বাতিল কৰিছে। ডেল্টাই কয় যে দেওবাৰৰ দিনটোত ১৫০ খনতকৈও অধিক বিমান বাতিল কৰা হ’ব ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে কৈছে যে নৱবৰ্ষৰ নিশাও এই অভিযান অব্যাহত থাকিব। মানুহক নিউয়ৰ্কৰ টাইমচ স্কোৱেৰত ভিৰ কৰিবলৈ অনুমতি দিয়া নহ’ব। যিসকলে ৰাস্তাত থাকিব তেওঁলোকৰ বাবে মাস্ক পিন্ধাটো বাধ্যতামূলক হ’ব।

পৃথিৱীৰ অন্যান্য মুখ্য চহৰবোৰতো, বছৰৰ শেষৰ উৎসৱবোৰো বাতিল বা পৰিসৰ হ্ৰাস কৰা হৈছে। বাৰ্লিনতো আতচবাজী চাবলৈ ৰাস্তাত ভিৰ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জাৰ্মান চান্সেলৰ ওলাফ শ্লটজে কয় যে ২৮ ডিচেম্বৰৰ পৰা কৰোনা-নিয়ম কৰা হ’ব। মিউনিখ আৰু ফ্ৰাংকফুর্টতো নিয়ম জাৰি কৰা হৈছে, য’ত এটা ঠাইত ১০ জনতকৈ অধিক লোকৰ সমবেত হ’ব নোৱাৰিব। স্কটলেণ্ডতো বছৰৰ শেষৰ অনুষ্ঠানটো বাতিল কৰা হৈছে। লণ্ডনৰ মেয়ৰ চাদিক খানে কয়, “মই এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো যদিও ই অতি কঠিন – ট্ৰাফালগাৰ স্কোৱেৰৰ অনুষ্ঠান বন্ধ কৰা হৈছে। তাত কোনো ডি জে ব্যৱস্থা নাথাকিব। উৎসৱ বাতিল কৰাৰ উপৰিও, সমগ্ৰ ইউৰোপতে কঠোৰ ক’ৰোনা নিয়ম জাৰি কৰা হৈছে। মুখা পিন্ধাটো অত্যাৱশ্যকীয়, ভিৰ কৰিব নোৱাৰিব, ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰিবলৈ, ভেকছিন-পাছ থাকিব লাগিব।

কেৱল চিডনীয়ে এতিয়াও অনুষ্ঠানৰ পৰিকল্পনা স্থিৰ ৰাখিছে। তদুপৰি, বছৰটোৰ শেষত ডুবাইৰ বেংকক, লাছ ভেগাছ, কেপ টাউন, ডুবাইতো উৎসৱ অনুষ্ঠান অনুষ্ঠিত হ’ব।

এই বছৰ পৃথিৱীৰ আটাইতকৈ ওখ ঘৰ ডুবাইৰ বুৰ্জ খলিফাতো উৎসৱ অব্যাহত থাকিব। কিন্তু ক’ৰোনাৰ নিয়ম অনুসৰি।

Leave A Reply

Your email address will not be published.