সাপে খুঁটিলে ছলমান খানক
বলীউডৰ চুপাৰষ্টাৰ ছলমান খানক সাপে খুঁটিছে। খবৰ অনুসৰি ছলমানক শনিবাৰে নিশা তেওঁৰ পানভেল ফাৰ্ম হাউচত এটা সাপে খুটাৰ পিছতে আবেলি ৩ বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে সাপটো বিষাক্ত নাছিল আৰু ছলমানক প্ৰাথমিক চিকিৎসাৰ পিছত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল।
জানিব পৰা গৈছে যে, ছলমান খানে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ পানভেল ফাৰ্ম হাউচত উপস্থিত হৈছিল। ছলমান খানে ২৭ ডিচেম্বৰ, ২০২১ তাৰিখে তেওঁৰ ৫৬ তম জন্মদিন উদযাপন কৰিব। ছলমানে পৰিয়ালৰ সৈতে তালৈ যায় আৰু প্ৰতি বছৰৰ দৰে খ্ৰীষ্টমাছ, তেওঁৰ জন্মদিন আৰু নৱবৰ্ষ উদযাপন কৰিবলৈ পানভেলত থকা তেওঁৰ ফাৰ্ম হাউচলৈ যায়। এই বছৰো, বলীউডৰ তাৰকা, প্ৰযোজক আৰু অন্যান্য বন্ধুসকলে তেওঁলোকৰ জন্মদিন উদযাপন কৰিবলৈ পানভেলত একত্ৰিত হয়।
ছলমানৰ অনুৰাগীসকলেও তেওঁৰ সাপৰ কামোৰৰ খবৰ শুনি বিচলিত হৈছে।