ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীয়ে অব্যাহত ৰাখিছে যদিও ঠায়ে ঠায়ে ড্ৰাগছ বেপাৰীৰ দৌৰাত্ম্য অব্যাহত আছে ৷ আকৌ এবাৰ ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি হ’ব লগা হৈছে আৰক্ষী ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীক দুষ্কৃতিকাৰীৰ আক্ৰমণ । কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ চলাই এদল দুষ্কৃতিকাৰীয়ে ।
আক্ৰমণত নিলামবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ দত্ত ঘটনাত আঘাতপ্ৰাপ্ত হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰিব লগা হয় । অৱশ্যে এজন দুষ্কৃতিকাৰীক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ আন সকল আক্ৰমণকাৰী পলায়ণ কৰে । আৰক্ষীয়ে আক্ৰমণকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।