নাজিৰাত এনফৰ্চমেণ্ট আৰু আৰক্ষীৰ সুৰাসক্ত চালকৰ বিৰুদ্ধে নিশা অভিযান
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পাছতেই অসমৰ প্ৰতিখন জিলা তথা সদৰৰ লগতে নাজিৰা নগৰতো তৎপৰ হৈ পৰিছে জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী । ৰাজ্যত দুখজনক ভাৱে বৃদ্ধি পাবলৈ লোৱা ড্ৰিংক এণ্ড ড্ৰাইভ আৰু ইয়াৰ ফলত হতাহত ঘটনাৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি এই প্ৰৱণতা নোহোৱা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছৰে পৰা নাজিৰাৰ বিভিন্ন প্ৰান্তত শিৱসাগৰ জিলা এনফৰ্চমেণ্ট বিভাগে অভিযান চলাইছে ৷ নাজিৰা, নামতি, গেলেকী, হালোৱাটিং, শিমলুগুৰি, বিহুবৰ, লাকুৱা নেমুগুৰি আৰক্ষীয়েও দৈনিক তীব্ৰ অভিযান অব্যাহত ৰাখিছে । বিশেষকৈ নৱবৰ্ষৰ প্ৰাক্ ক্ষণত অথবা নতুন বছৰৰ আৰম্ভণিতে সুৰা সেৱনৰ ফলত হোৱা যিকোনো দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ পথত পৰ্যাপ্ত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে জিলা পৰিবহন বিভাগে ৷ তদুপৰি শিৱসাগৰত এতিয়াৰে পৰা সমাগত ১ জানুৱাৰী ২০২২ পৰ্যন্ত ড্ৰিংক এণ্ড ড্ৰাইভৰ বিৰুদ্ধে জিলা পৰিবহণ বিভাগ নতুবা আৰক্ষীয়ে ৰাজপথ, ৰাষ্ট্ৰীয় ঘাইপথ সমূহত দিনে-নিশাই চোকা দৃষ্টি নিক্ষেপ কৰিছে ।