পঞ্জাৱত বিধানসভা নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে । নিৰ্বাচনত নিজ দলৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ককাঁলত টঙালি বান্ধি সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল ।
সোমবাৰে ঘোষিত চণ্ডীগড় নগৰ নিগমৰ নিৰ্বাচনত কোনো এটা দলে নিৰকংশূক সংখ্যগৰিষ্ঠতা লাভ নকৰাত বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্ধন্দিতা কৰাৰ ক্ষেত্ৰত শংকিত হৈ উঠিছে কংগ্ৰেছ , বিজেপি, আকালি দল । পঞ্জাৱত আম আদমী পাৰ্টিৰ শক্তি বৃদ্ধিয়ে শংকিত কৰি তুলিছে কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি দলক । আনহাতে পঞ্জাৱ কংগ্ৰেছত উলম্ব বিভাজন হোৱাৰ পিচতে আভ্যন্তৰীণ সংকটত পৰিছে পঞ্জাৱত শাসনাধিষ্ঠ কংগ্ৰেছ দল ।
ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা ফালৰি কাটি অহা পুৰ্বৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে গঠন কৰিছে লোক কংগ্ৰেছ দল ।
আগন্তুক বিধান সভা নিৰ্বাচনত আম আদমী পাৰ্টিক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে আৰু পুনৰ পঞ্জাৱৰ ৰাজপাট নিজৰ দখললৈ নিয়াৰ উদ্দেশ্যে বিজেপিয়ে মিত্ৰজোঁট গঠনৰ প্ৰতি আগ্ৰহী হৈ উঠিছে । প্ৰাৰম্ভিক কেবালানিও আলোচনাৰ অন্তত কেপ্তেইন অমৰিন্দৰ সিঙৰ লোক কংগ্ৰেছ দলৰে মিত্ৰতাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে বিজেপি দল । সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত উপস্থিত হয় লোক কংগ্ৰেছৰ অধ্যক্ষ তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিং । ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা । লগতে উপস্থিত থাকে পঞ্জাৱত বিজেপিৰ পৰ্যবেক্ষক গজেন্দ্ৰ সিঙ শেখাৱট । এই বৈঠকত লগতে উপস্থিত থাকে মিত্ৰজোটৰ আন এটা দল শিৰোমণি আকালি দলৰ হৈ ৰাজ্যসভাৰ সাংসদ সুখদেৱ সিঙ ধিন্ধছা ।
বৈঠকত আসনৰ ভাগ-বটোৱাৰক লৈ চৰ্চা হয় । আসনৰ ভাগ বটোৱাৰা , উমৈহতীয়া ঘোষণা পত্ৰ আদিৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত সহমতত উপনীত হ’বলৈ প্ৰতিটো দলৰ পৰা ২ গৰাকীকৈ সদস্যৰে ৬ জনীয়া কমিটি এখন গঠনৰ সিদ্ধান্ত লোৱা হয় ।