লখিমপুৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এন পি এছ কৰ্মচাৰী সকলৰ অৱস্থান ধৰ্ম ঘট।

কৰ্মচাৰী সকলৰ এন পি এছ পৰিৱৰ্তে পুৰণি পেন্সন ব্যবস্থা বাহাল ৰখাৰ দাবীত লখিমপুৰতো পালন কৰা হয় প্ৰতিবাদী কাৰ্য্য সূচী। ইয়াৰোপৰি ডি চি আৰ জি ব্যবস্থা সচল কৰাৰো দাবী প্ৰতিবাদকাৰীৰ ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় ৷

নতুন পেন্সন ব্যবস্থাই কৰ্মচাৰী সকলৰ ভবিষ্যত অন্ধকাৰ কৰি তুলিছে বুলি চৰকাৰৰ ভূমিকাক গৰিহণা দি পুৰণি ব্যবস্থা বাহাল ৰখাৰ দাবী জনায় অন্যথা কৰ্মচাৰী সকলে জোৰদাৰ আন্দোলন ৰ পাতনি মেলিব বুলি চৰকাৰক সকীয়াই দিয়ে ৷

Comments (0)
Add Comment