ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ত্যাগ কৰক নিজৰ PSO ৷ কংগ্ৰেছৰ ভূপেন বৰাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান ৷
কয়লা চিণ্ডিকেটক লৈ পুনৰ সৰৱ হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । আগন্তুক পৌৰ সভা আৰু নগৰ-নিগমৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰী নুনমাটিত কংগ্ৰেছে ৰবিবাৰে অনুষ্ঠিত কৰিছিল জনজাগৰণ সভা । সভাত উপস্থিত থাকি APCC ৰ সভাপতি ভূপেন বৰাই বিজেপি কয়লা চিণ্ডিকেটত জড়িত বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে । সেয়ে কয়লাৰ ৰঙেৰে বিজেপি কাৰ্যালয় ৰং কৰাৰ আহ্বান ভুপেন বৰাৰ । বিজেপিৰ কাৰ্যালয় কয়লাৰ ডিপোলৈ পৰিৱৰ্তন কৰক বিজেপিয়ে ।
আগন্তক নিৰ্বাচন সমুহত বিজেপিক ৰাইজে শিক্ষা দিব বুলি মন্তব্য APCC ৰ সভাপতি ভুপেন বৰাৰ । বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ ৰাইজে উত্তৰ দিব বুলি আত্মবিশ্বাসী কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৰাকী ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ভাৱৰীয়া আখ্যা ভুপেন বৰাৰ । কংগ্ৰেছৰ আৰু বহুতো নেতা-কৰ্মী বিজেপিলৈ যাব বুলি ওলাই থকা খৱৰ সন্ধৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন বৰাই । নেতা-কৰ্মীৰ দল বাগৰাক লৈ চিন্তিত নহয় কংগ্ৰেছ ।
মুখ্যমন্ত্ৰীয়ে PSO পৰিহাৰ কৰাৰ আহ্বানৰ ক্ষেত্ৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে । মুখ্যমন্ত্ৰীক নিজৰ নিৰাপত্তাৰক্ষী ত্যাগ কৰাৰ আহবান ভুপেন বৰাৰ । PSO সংস্কৃতি নিজে ত্যাগ কৰি আদৰ্শ দেখুৱাওক মুখ্যমন্ত্ৰীয়ে ।