পঞ্জাৱৰ চণ্ডীগড় পৌৰ নিগমৰ নিৰ্বাচনত আপৰ বিশেষ সাফল্য ৷ আপৰ হাতত পৰাভূত হ’ল বিজেপি ৷
পঞ্জাৱৰ চণ্ডীগড় নগৰ নিগমৰ নিৰ্বাচনত আম আদমি দলে লাভ কৰিছে বিশেষ সাফল্য । নগৰপালিকাৰ ৩৫ টা ৱাৰ্ডৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হৈছিল নিৰ্বাচন । শুকুৰবাৰে অনুষ্ঠিত নিৰ্বচ্চনত ৬০% ভোটদান কৰিছিল ভোটাৰে । নগৰ নিগমৰ নিৰ্বাচনত পূৰ্বতে বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া যুঁজ হৈ আহিছিল যদিও এইবাৰৰ নিৰ্বাচন বিজেপি , কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত ত্ৰিকোণীয়া প্ৰতিদন্দিতা হৈছিল ।
এইবাৰৰ নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈ আম আদমী দলে দেখুৱালে বিশেষ সাফল্য । ৩৫ টা ৱাৰ্ডৰ বাবে হোৱা নিৰ্বাচনত আম আদমী দলে লাভ কৰিছে ১৪ খন আসন । আনহাতে বিজেপি দলে ১২ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৮ খন আসন আৰু ১ খন আসন লাভ কৰিছে আকালী দলে । এই ফলাফলত পঞ্জাৱৰ আপৰ কৰ্ম-কৰ্তা সকল উৎফুল্লিত হৈ পৰিছে ৷