পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কিশোৰ-কিশোৰীৰ ক’ৰোনা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া
ক’ৰণা মহামাৰীৰ নতুন ৰূপ ওমিক্ৰনৰ আতংকৰ মাজতে DCGI য়ে কম বয়সীয়া সকলক প্ৰদান কৰিবলগীয়া ভেকচিনৰ প্ৰতি সেউজ সংকেত প্ৰদান কৰিছে । ১২ ৰ পৰা ১৮ বৰ্ষৰ কিশোৰক জৰুৰী অৱস্থাৰ সময়ত এই প্ৰতিষেধক প্ৰদান কৰা ।
পহিলা জানুৱাৰীৰ CoWin ৱেবচাইটত ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰম্ভ হ’ব । ক’ৰোনা প্ৰতিষেধকৰ ৰেজিষ্ট্ৰেচনৰ সময়ত শিক্ষা প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ আপলোড কৰিব লাগিব । ভাৰতত আৰম্ভ হ’বলগীয়া শিশুৰ ক’ৰোনা প্ৰতিষেধক হিচাপে Covaxin ব্যৱহৃত হ’ব । ৩ জানুৱাৰীৰ পৰা আৰম্ভ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া । বিনামুলীয়া হ’ব এই প্ৰতিষেধক ।