৭২কিঃ মিঃতকৈ অধিক দূৰত্ব অকলে যাব নোৱাৰিব মহিলাই ৷ মহিলাৰ বাবে দৈনিক নতুন নতুন নিয়ম ঘোষণা তালিবানৰ ৷
আফগানিস্তানৰ তালিবান চৰকাৰে ক্ষমতালৈ অহাৰ পিছৰে পৰা মহিলাসকলৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰি আহিছে। এতিয়াৰপৰা আফগানিস্তানত এগৰাকী মহিলাই বিচাৰিলেও দীঘলীয়া পথ অকলে ভ্ৰমণ কৰিব নোৱাৰিব। তেনে ক্ষেত্ৰত, লগত এজন পৰিয়ালৰ পুৰুষ থাকিব লাগিব। তেতিয়াহে অনুমতি পাব।
সেই দেশৰ মন্ত্ৰালয়ে জাৰি কৰা ফতোৱাৰ বিৰোধিতা কৰা হৈছে। শেহতীয়াকৈ, ঘটনা এটা পোহৰলৈ আহিছে য’ত একাধিক বাহনৰ চালকে মহিলাসকলক হিজাব পিন্ধিবলৈ বাধ্য কৰিছে। তালিবান চৰকাৰে ১৫ আগষ্টত আফগানিস্তান দখল কৰাৰ পিছৰে পৰা মহিলাসকলৰ বাবে এনে নতুন নতুন ফতোৱা জাৰি কৰি আহিছে।
বাতৰি অনুসৰি, মহিলাসকলে চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো বিভিন্ন বাধাৰ সন্মুখীন হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰৰ অন্তিম পৰ্যায়ত ক্ষমতা দখল কৰাৰ পিছৰে পৰা উগ্ৰপন্থী ইছলামবাদীসকলে বিভিন্ন নিয়ম জাৰি কৰিছে৷ দেওবাৰে মন্ত্ৰালয়ৰ মুখপত্ৰ সাদেক আকিফ মুহাজিৰে জনায় যে, “মহিলাসকলক ৪৫ মাইল (৭২ কিলোমিটাৰ)তকৈ অধিক ভ্ৰমণত অকলে যাবলৈ দিয়া নহ’ব৷ তেওঁলোকৰ সৈতে পৰিয়ালৰ এজন ঘনিষ্ঠ সদস্য থাকিলেহে অনুমতি দিয়া হ’ব।”
আনকি নতুন নিৰ্দেশনাৱলীত কোৱা হৈছে যে ছ’চিয়েল মিডিয়া নেটৱৰ্কত সম্প্ৰচাৰ কৰা সংগীত গাড়ীত বন্ধ কৰিব লাগিব। আনকি মহিলাসকলেও টিভিত নাটক আৰু ধাৰাবাহিকত অংশগ্ৰহণ কৰিব নোৱাৰিব। বাতৰি পঢ়াৰ ক্ষেত্ৰত মহিলাসকলে মূৰৰ স্কাৰ্ফ পিন্ধাটো বাধ্যতামূলক। পথ ভ্ৰমণৰ বাবেও নিয়ম বলবৎ হৈছে।
অৱশ্যে, মানৱ অধিকাৰ কৰ্মীসকলে নতুন নিয়মটোক লৈ বিৰোধ কৰা দেখা গৈছে । তেওঁলোকে দাবী কৰিছে যে এই আদেশে মহিলাসকলক বন্দী কৰাৰ দিশত আগবঢ়াই নিছে ৷