বিতৰ্কিত মন্তব্যৰে প্ৰচাৰ মাধ্যমৰ মধ্যমণি হৈ থাকিব বিচৰা বিধায়ক শ্বেৰমান আলীয়ে পুনৰ কৰিলে বিতৰ্কিত মন্তব্য । সত্ৰৰ মাটি বেদখল সন্ধৰ্ভত মন্তব্য দিবলৈ গৈ শ্বেৰমান আলীয়ে কৰিলে পুনৰ বিতৰ্কিত মন্তব্য ।
“অনা মুছলমান লোকেহে দখল কৰি আছে সত্ৰৰ মাটি ।” বিজেপি চৰকাৰৰ মন্তব্যৰ বিপৰীতে গৈ শ্বেৰমানৰ মন্তব্য সত্ৰৰ মাটি বেদখলেই হোৱা নাই । যি দুই এখনত বেদখল হৈছে তাত অনা মুছলমানৰ সংখ্যাই অধিক । বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী , মন্ত্ৰী বিধায়কে কৰা মন্তব্যক কটাক্ষ বিধায়ক শ্বেৰমান আলীৰ । সত্ৰৰ দখলীকৃত মাটি উদ্ধাৰ এটা মাত্ৰ অলংকাৰিক কথাহে। চৰকাৰ খনে সংখ্যালঘু মুছলমান ৰাইজক অত্যাচাৰ কৰি সংখ্যা গৰিষ্ঠৰ প্ৰিয়ভাজন হ’বলৈ অপচেষ্টা চলাই আহিছে বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য শ্বেৰমান আলীৰ । মাত্ৰ কেইদিনমান আগতে শ্বেৰমান আলীয়ে শ্বহীদক অপমানসূচক মন্তব্য কৰি প্ৰায় দুমাহ জেল খাতি জামিনত মুকলি হৈ আহিছে ৷