সত্ৰ সমুহ পৰিদৰ্শন কৰি খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ বিস্ফোৰক মন্তব্য । সত্ৰ পৰিদৰ্শন কৰিবলৈ বৰপেটাত উপস্থিত হৈ এই বিস্ফোৰক মন্তব্য অতি হিন্দুত্ববাদী বুলি পৰিচিত খুমটাইৰ বি জে পি বিধায়কগৰাকীৰ । ৰাজ্যৰ প্ৰায় ৯ ৰ পৰা ১০ খন জিলাত হিন্দুসকল সংখ্যালঘুত পৰিণত হৈছে । হিন্দু সকল সংখ্যালঘুত পৰিণত হোৱা জিলা কেইখন হ’ল ধুবুৰী , নগাওঁ .বৰপেটা , কৰিমগঞ্জ , গোৱালপাৰা , মৰিগাওঁ, দৰং. বঙাইগাওঁ , হাইলাকান্দি । এই সমুহ জিলাত হিন্দু ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে বুলি অভিযোগ বিধায়ক মৃণাল শইকীয়াৰ । তেঁওৰ মতে এই জিলা সমুহত মঠ-মন্দিৰৰ অস্তিত্ব নোহোৱা হৈছে। এনে জিলাসমুহত হিন্দু জনতাই মাত মাতিব নোৱাৰা অৱস্থা হৈছে বুলি বিস্ফোৰক মন্তব্য বিধায়কগৰাকীৰ ।
এই জিলাসমুহত হিন্দুক সংখ্যালঘু বুলি ঘোষণা কৰাৰ দাবী বিধায়ক মৃণাল শইকীয়াৰ । হিন্দু লোক সংখ্যালঘুত পৰিণত হোৱা জিলাসমুহত মুছলমান সকলে লাভ কৰা সা-সুবিধা কৰ্তন কৰাৰ দাবী বিধায়ক মৃণাল শইকীয়াৰ । সেই সমুহ সুবিধা মুছলমানৰ পৰিৱৰ্তে হিন্দু সকলক দিয়ক ।