ভায়েকক মূৰত লৈ ১০০ চিৰি বগাই বিশ্ব ৰেকৰ্ড

ভায়েকক মূৰত লৈ এজন ভাতৃয়ে মাত্ৰ ৫৩ ছেকেণ্ডত ১০০ খোজৰ চিৰি বগাই এক অনন্য ৰেকৰ্ড স্থাপন কৰিছে। ভিয়েটনামৰ পৰা অহা ভাতৃ দুগৰাকীয়ে গিনিছ বুক ৰেকৰ্ডত স্থান লাভ কৰিছে। এই আশ্বৰ্যকৰ কাৰ্য্যটো এটা স্পেনিছ গীৰ্জাৰ বাহিৰত সম্পাদন কৰা হয়। পেছাত চাৰ্কাচ খেলুৱৈ জিয়াং কুওক কো (৩৭) আৰু জিয়াং কুওক এনগিপে (৩২) আগতেও এবাৰ গিনিছ বুকত নিজৰ নাম প্ৰকাশ কৰিছিল। তেওঁলোকে ২০১৬ চনৰ ডিচেম্বৰত একেঠাইতে ৫২ ছেকেণ্ডত ৯০ টা চিৰি বগাই এটা অভিলেখ গঢ়িছিল। কিন্তু এইবাৰ তেওঁলোকে পূৰ্বৰ ৰেকৰ্ড অতিক্ৰম কৰিলে আৰু ৫৩ ছেকেণ্ডত ১০০ চিৰি অতিক্ৰম কৰিছে।

Comments (0)
Add Comment