শৰীৰত কেইবামাহ ধৰি জীয়াই থাকিব পাৰে কোভিড-১৯ ভাইৰাছ

দুবছৰ আগতে, ১ ডিচেম্বৰত চীনৰ উহানত প্ৰথমবাৰৰ বাবে ৰহস্যজনক জ্বৰৰ উদ্ভৱ হয়। ইয়াৰ মাজতে, বিশ্বজুৰি ক’ৰোনা ভাইৰাছত কমেও আধা নিযুত লোকে প্ৰাণ হেৰুৱাইছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত অসংখ্য অধ্যয়ন চলি আছে। তেনে এটা অধ্যয়নে শেহতীয়াকৈ দাবী কৰিছে , “কেইমাহমানৰ আগতে হোৱা কৰোনা সংক্ৰমণৰ পিছতো ভাইৰাছটো শৰীৰত থাকিব পাৰে।”

অধ্যয়ন অনুসৰি, সংক্ৰমণৰ কেইদিনমানৰ ভিতৰতে ভাইৰাছটো ট্ৰেকিয়াৰ পৰা বিভিন্ন অঙ্গ যেনে মগজু, হৃদযন্ত্ৰলৈ বিয়পিব পাৰে। আৰু কেইবামাহলৈ এই ভাইৰাছ থাকিব পাৰে। সেইকাৰণে বহুতেই ‘দীঘলীয়াকৈ কোভিড’ত ভুগি আছে। অৰ্থাৎ, ক’ৰোনাত দীৰ্ঘদিন ধৰি সংক্ৰমিত হৈ আছে বা কোভিডত ভুগি আছে।

Comments (0)
Add Comment