Daily Time Axom

এক লাখ টকীয়া আইফোন অনলাইনত অৰ্ডাৰ কৰি কি পালে, আপুনিও আচৰিত হ’ব

0 12

অনলাইন শ্বপিং ছাইটবোৰ যোৱা কেইবছৰমানত গ্ৰাহকসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। গ্ৰাহকক সময় মতে বস্তু যোগান ধৰা আৰু সামগ্ৰীৰ মানদণ্ড বজাই ৰখাটো তেওঁলোকৰ জনপ্ৰিয়তাৰ এটা কাৰণ। তথাপিও, বহুলোকক অনলাইন বজাৰে প্ৰতাৰণা কৰিছে। এনে এটা ঘটনা ইংলেণ্ডৰ লিডছৰ বাসিন্দা ডেনিয়েল কেৰলৰ সৈতে ঘটিছে। ডেনিয়েলে ২ ডিচেম্বৰত মোবাইল নিৰ্মাতা এপলৰ নিজা ৱেবছাইটত এটা আইফোন ১৩ অৰ্ডাৰ দিয়ে। ফোনটোৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় ১ লাখ টকা। সামগ্ৰী যোগানকৰ্তা ডিএইচএলয়ে কয় যে ই ১৭ ডিচেম্বৰৰ ভিতৰত ডেনিয়েলৰ ঘৰত ম’বাইলটো দিব পাৰিব। প্ৰায় দুসপ্তাহ , তেওঁৰ ফোনটো হাতত নপৰাত ডিএইচএলৰ ৱেৰহাউচৰ পৰা ম’বাইল ডেলিভাৰী লোৱাৰ সিদ্ধান্ত লয়। 
তেওঁক শনিবাৰে আহিবলৈ কোৱা হৈছিল। ঘৰৰ পৰা ২৪ মাইল দূৰত ডিএইচএলৰ ৱেৰহাউচৰ পৰা ম’বাইলটো লৈ যোৱাৰ পিছত ডেনিয়েলৰ মনত পেকিঙৰ মানদণ্ডৰ ওপৰত সন্দেহ জাগে। পিছত তেওঁ বাকচটো খোলা লগে লগে তেওঁৰ চকু দুটা বহল হৈ পৰিল! ম’বাইলৰ সলনি বাকচটোত তেওঁ দুটা চকলেট পায়। সেইটোও আকৌ টয়লেট পেপাৰেৰে মেৰিয়াই দিয়া থোৱা ।

Leave A Reply

Your email address will not be published.