কংগ্ৰেছৰ জন্ম দিৱসৰ দিনাই অথন্তৰ ! পতাকা খুলি হাতত পৰিল ছোনিয়া গান্ধীৰ ৷
মঙলবাৰে কংগ্ৰেছৰ ১৩৭ সংখ্যক জন্ম দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হৈছে নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত । অনুষ্ঠানৰ মুখ্য কাৰ্যসুচী আছিল পতাকা উত্তোলন । পতাকা উত্তোলন কৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে । কিন্তু তাতেই ঘটিল অথন্তৰ । পতাকা উত্তোলন কৰিলে যদিও পতাকাৰ ৰচি ফচিল । জোৰকৈ টানি দিয়াত পতাকা ,ৰচি আহি পৰিল কংগ্ৰেছ অধ্যক্ষাৰ হাতত । সৃষ্টি হ’ল অস্বস্থিকৰ পৰিবেশৰ ।
পিচত ৰচি , পতাকা ঠিক কৰি পুনৰ উত্তোলন কৰা হ’ল তিৰংগা পতাকা।
পতাকা উত্তোলনৰ পিচতে কংগ্ৰেছৰ নেতা কৰ্মীক সাক্ষাৎ কৰে কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধিয়ে । অনুষ্ঠানত শাসকীয় বিজেপি দল তথা চৰকাৰক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ অধ্যক্ষাৰ । ভাৰতৰ গংগা-যমুনা সংস্কৃতি ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলিছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীৰ । দেশৰ সাধাৰণ জনতা আজি সুৰক্ষিত নহয় বুলি মন্তব্য কংগ্ৰেছ অধ্যক্ষা গৰাকীৰ ।