ধুবুৰীত আধাৰ কাৰ্ডৰ CSPL কোম্পানীৰ বিত্তীয় কেলেংকাৰী: একাংশ অপাৰেটৰৰ প্ৰতিক্ৰিয়া
আধাৰ কাৰ্ডকলৈ CSPL নামৰ কোম্পানীটোৱে বহু কোটি টকীয়া বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত আহিছে ৷ এইবাৰ ধুবুৰীৰ গৌৰীপুৰত আন একাংশ অপাৰেটৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
আজি গৌৰীপুৰৰ P C Institution ৰ খেলপথাৰত এইদৰে জিলাখনৰ ভিন্ন প্ৰান্তত থকা প্ৰায় ৩৫ জন অপাৰেটৰ সমবেত হয়। CSPL কোম্পানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তীব্ৰ বিৰোধিতা কৰি তেওঁলোকে কয়- চাৰি-পাঁচজন অপাৰেটৰে কোম্পানীটোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য প্ৰকাশ কৰে।
উল্ল্যেখ যে জিলাখনত আধাৰ কাৰ্ডৰ CSPL ত কৰ্মৰত প্ৰায় ১৩৭ গৰাকী অপাৰেটৰ আছে।
এই ক্ষেত্ৰত কোন সঁচা – কোন মিছাঁ সেয়া তদন্তৰ পাছতহে জোলোঙাৰ মেকুৰী ওলাই পৰিব ৷