Daily Time Axom

মাটি খান্দিলেই টকাৰ বাণ্ডিল, বেৰত ফুটা কৰিলেই ওলাই সোণৰ টুকুৰা ৷ নগদ প্ৰায় ২০০ কোটি টকা জব্দ ৷ ১০০০ কোটি টকাৰ অবৈধ সম্পত্তি ব্যৱসায়ী পীয়ুস জৈনৰ ৷

0 11

আয়কৰ আৰু জি এছ টি বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৫০টাতকৈয়ো অধিক বেগত ৩৫০টা ফাইল আৰু ২৭০০ নথি ভৰাই বাজেয়াপ্ত কৰিছে ৷ ১২৫ কিলোগ্ৰাম সোণ জব্দ কৰিছে ব্যৱসায়ীজনৰ ঘৰৰপৰা ৷

এই অসাধু ব্যৱসায়ীজন উত্তৰ প্ৰদেশৰ কানপুৰৰ সুগন্ধিৰ ব্যৱসায়ী ব্যৱসায়ী পীয়ুস জৈন ৷ শনিবাৰে কৰ ফাঁকিৰ প্ৰসংগত সাধাৰণভাৱে এক অভিযান চলাইছিল আয়কৰ বিভাগে ৷ কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে পীয়ুস জৈনৰ কানপুৰৰ বাসগৃহত ১৮৭ কোটি নগদ টকা ৷ কানপুৰৰ উপৰিও উত্তৰ প্ৰদেশৰ কনৌজৰ বাসগৃহতো চলোৱা হৈছিল তালাচী ৷ কনৌজতো ১০ কোটি টকা এতিয়ালৈ ওলাইছে ৷ দুয়োটা ঘৰতে পোৱা গৈছে ১২৫ কিলোগ্ৰাম সোণ ৷ লগতে পোৱা গৈছে কোটি কোটি টকাৰ নথি পত্ৰ ৷

সমাজবাদী পাৰ্টীৰ অখিলেখ যাদৱৰ ঘনিষ্ঠ ব্যৱসায়ী পীয়ুস জৈনে লোকচক্ষুক ফাকি দিবলৈ চলাই ফুৰে এখন সাধাৰণ স্কুটাৰ ৷ সোমবাৰ পৰ্যন্ত এই অভিযানত প্ৰায় ১০০০ কোটি টকাৰো অধিক সম্পত্তিৰ সন্ধান ওলাইছে ৷ এই সম্পত্তিৰ পৰিমাণ বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে ৷

কনৌজৰ ঘৰৰ দেৱালৰ পৰা ওলাইছে অজস্ৰ সোণৰ টুকুৰা ৷ মাটিৰ তলৰপৰা ওলাইছে নগদ টকাৰ বাণ্ডিলৰ পিছট বাণ্ডিল ৷

আনকি ব্যৱসায়ীজনৰ বেডৰুমৰ বিচনাৰ ভিতৰতো ওলাইছে টকাৰ বাণ্ডিল ৷ বিচনাৰ তলতো পোৱা গৈছে লকাৰ ৷

চৰকাৰী তথ্য মতে উত্তৰপ্ৰদেশৰ কনৌজ জিলাৰ বাসগৃহৰ পৰা ৫০০ ৰো অধিক ছাবি পোৱা গৈছে ৷ তাৰ পিছতে লকাৰ নাইবা তলাৰ সন্ধানত নামি পৰে ভিজিলেন্সৰ অভিযানকাৰী দলটো ৷ পিছে তলা খুলিবলৈ গৈ ভাগৰি পৰিল ভিজিলেন্সৰ লোক ৷ ব্যৱসায়ী জনৰ অসহযোগিতাৰ বাবে অৱশেষত বিফল হৈ তলা ভাঙিবৰ বাবে ১২ জন অভিজ্ঞ লোকক মাতিবলগীয়া হয় ৷ মাটি খান্দি টকা উলিয়াবৰ বাবেও ৩০জন শ্ৰমিক নিয়োগ কৰিবলগীয়া হয় ৷

বৰ্তমানলৈ প্ৰায় ২০০ কোটি টকা নগদ জব্দ কৰা হৈছে অসাধু ব্যৱসায়ীজনৰ ঘৰৰপৰা ৷ তাৰ পিছতেই লোকজনক গ্ৰেপ্তাৰ কৰা হয় ৷ তালাচীৰ প্ৰথম দিনাই মুঠ ১৮৭ কোটি৪৫ লাখ নগদ ধন উদ্ধাৰ হৈছিল ৷ ইয়াৰ পিছত তেঁওৰ অন্য ঘৰ আৰু কাৰাখানাৰ পৰা পুনৰ ১০ কোটি নগদ টকা উদ্ধাৰ হয় ৷ এই নগদ ধনৰ পৰিমাণ আৰু সম্পত্তিৰ নথি দেখি চকু কপালত উঠিছে আয়কৰ বিষয়া আৰু জি এছ টি বিষয়া- কৰ্মচাৰীৰ ৷

Leave A Reply

Your email address will not be published.