Daily Time Axom

ওমিক্ৰনক লৈ অসমৰ স্বাস্থ্য বিভাগৰ তৎপৰতা ৷ শীঘ্ৰেই জি এম চি এইছত আৰম্ভ হ’ব ওমিক্ৰনৰ পৰীক্ষা ৷ ভাইৰ’লজিষ্টসহ যোৰহাটৰ NEIST পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

0 11

দেশত এতিয়া ওমিক্ৰনৰ সংক্ৰমিত লোকৰ সংখ্যাই ৭০০ অতিক্ৰম কৰিলে ৷ বিশেষজ্ঞৰ মতে অহা জানুৱাৰী-ফেব্ৰুৱাৰীত ব্যাপক হাৰত সংক্ৰণ ঘটিব ওমিক্ৰনৰ ৷ এনে পৰিপেক্ষিতত ক’ভিডৰ ওমিক্ৰন প্ৰকাৰৰ লগতে ভৱিষ্যতে দেখা দিব পৰা অন্য জটিল ভাইৰাছজনিত ৰোগৰ প্ৰাদূৰ্ভাৱজনিত পৰিস্থিতিত অসমতে ভাইৰাছৰ সম্পূৰ্ণ ‘জিনীয় অনুক্ৰমণ’ (জিন’মিক ছিকুয়েন্সিং) পৰীক্ষা সম্পন্ন কৰিব পৰাকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটা ‘জিন’মিক ছিকুয়েন্সিং লেবৰেটৰী’ স্থাপনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।

বুধবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ভাইৰাছ বিশেষজ্ঞসহ স্বাস্থ্য বিভাগৰ এটা দলক লগত লৈ যোৰহাটস্থিত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ‘নৰ্থ ইষ্ট ইন্সটিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী’ (এনইআইএছটি)ৰ এডভান্সড ম’লিকুলাৰ পৰীক্ষাগাৰ পৰিদৰ্শন কৰে ৷ লগতে মন্ত্ৰীজনে এনইআইএছটি কৰ্তৃপক্ষ আৰু বিজ্ঞানীসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মনন, ৰাজ্যৰ আগশাৰীৰ অনুজীৱ বিশেষজ্ঞ (ভাইৰোল’জিষ্ট) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰ’বায়’লজী বিভাগৰ মূৰব্বী অধ্যাপিকা ডাঃ অজন্তা শৰ্মা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাৰ আদিও বুধবাৰে দুপৰীয়া এনইআইএছটিত উপস্থিত থাকে ৷

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পৰীক্ষাগাৰটোৰ সঞ্চালক ড০ জি নৰহৰি শাস্ত্ৰী আৰু গৱেষক-বিজ্ঞানীসকলৰ লগত সম্পূৰ্ণ জিন’মিক ছিকুয়েন্সিং কৰিব পৰা পৰীক্ষাগাৰ স্থাপনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি আৰু কাৰিকৰী দিশসমূহৰ বিষয়ে বিতং আলোচনা কৰে। আলোচনাকালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এনে উচ্চস্তৰীয় জিন’মিক ছিকুয়েন্সিং পৰীক্ষাগাৰ স্থাপনৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাৰিকৰী দিশত ৰাজ্য চৰকাৰৰ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে এনইআইএছটিৰ সঞ্চালক ড০ শাস্ত্ৰীয়ে। আনহাতে, উজনি অসমত ৰাজ্যৰ স্বাস্থ্য বিভাগক এই জিন’মিক ছিকুয়েন্সিঙৰ পৰীক্ষণত ক্ষেত্ৰত এনইআইএছটিৰ এডভান্সড ম’লিকুলাৰ লেবৰেটৰীৰ ফালৰ পৰা সহযোগিতা আগবঢ়াবলৈও সন্মতি প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে। ইয়াৰ বাবে ৰাজ্য চৰকাৰেও এনইআইএছটিলৈ প্ৰয়োজনীয় অতিৰিক্ত সহায় উপলব্ধ কৰাব ৷

উল্লেখযোগ্য যে, বৰ্তমান অসমৰ ক’ভিড আক্ৰান্তৰ ক্ষেত্ৰত ওমিক্ৰনৰ অৱস্থিতি নিশ্চিত কৰিবৰ বাবে কৰা পৰীক্ষাৰ বাবে নমুনা ৰাজ্যৰ বাহিৰলৈ পঠিয়াব লাগে ৷ যাৰ বাবে প্ৰক্ৰিয়াটো দীঘলীযা আৰু খৰচী হৈ পৰে ৷ গুৱাহাটী মেডিকেল কলেজত নতুন পৰীক্ষাগাৰটো স্থাপনৰ পিছত ওমিক্ৰন পৰীক্ষা প্ৰক্ৰিয়া খৰতকীয়া হৈ পৰিব ৷

Leave A Reply

Your email address will not be published.