পহিলা জানুৱাৰীৰ পৰা বন্ধ থাকিব মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় ৷

১ জানুৱাৰীৰ পৰা বন্ধ থাকিব মহানগৰীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চিকিৎসালয় । চিকিৎসালয় খনক ন-ৰূপ দিবলৈ বছৰটোৰ প্ৰথম দিনটোৰ পৰা চলিব নিৰ্মাণকাৰ্য । MMCH চিকিৎসালয় খন ৮০০ বিচনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰৰ বাবে চলিব এই নিৰ্মাণকাৰ্য ।
MMCH ৰ ৰোগী সকল যাব লাগিব ধীৰেণপাৰা আৰু পাণ্ডু চিকিৎসালয়লৈ । এই চিকিৎসালয় দুখনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্ন চিকিৎসালয় হিচাপে ঘোষণা কৰিছিল চৰকাৰে । মেডিকেল কলেজলৈ ৰূপান্তৰ হ’ব হাস্পতালখন ৷

Comments (0)
Add Comment