অৰ্কিড পাৰ্কত সন্ধান ওলাল কাজিৰঙালৈ যোৱা ক’ভিড পজিটিভ বিদেশী পৰ্যটকৰ ৷ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰা অৱস্থাত প্ৰশাসনে কৰিলে চিনাক্ত ৷
কাজিৰঙাত বিদেশৰ পৰা অহা এটা পৰ্যটকৰ দলৰ এগৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত বুলি নিশ্চিত হোৱাৰ পিছত হাহাকাৰ লাগিছিল ৷ কাৰণ লোকজন সন্ধানহীন হৈ আছিল ৷ অৱশেষত সন্ধান ওলাল লোকজনৰ ৷
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত কৰা ক’ভিড পৰীক্ষাৰ ফলাফল ওলোৱাৰ পাছতে স্বাস্থ্য বিভাগে বিচাৰি ফুৰিছিল পৰ্যটকগৰাকীক ৷ অৱশেষত সন্ধান ওলাল কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানত। বিদেশৰ পৰা অহা এটা পৰ্যটকৰ দলৰ এগৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত পৰ্যটকজনক বিচাৰি অভিযান চলাই আছিল বোকাখাত মহকুমা প্ৰশাসনে।
পৰ্যটকগৰাকীয়ে তেওঁৰ লগত অহা দলটোৰ সৈতে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানত সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি আছিল ৷ অৰ্কিড উদ্যানৰ পৰা নৈশ যাপন কৰিবলৈ ৰাতি হোটেলখনলৈ যাবলৈ ধৰোঁতে বোকাখাত মহকুমা প্ৰশাসন আৰু আৰক্ষীয়ে পাৰ্কিংস্থলীত লোকজনক চিনাক্ত কৰে। ক’ভিড আক্ৰান্ত পৰ্যটক গৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে বাকী পৰ্যটকৰ দলটোক কোৱাৰেণ্টাইন ব্যৱস্থা কৰে মহকুমা প্ৰশাসনে ৷
প্ৰশাসনৰ তথ্য মতে, আমেৰিকাৰ এটা পৰ্যটকৰ দলে সোমবাৰে গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈ ক’ভিড টেষ্ট কৰাইছিল । RAT টেষ্টত নিগেটিভ ওলোৱা পৰ্যটক কেইজনে সেইদিনাই কাজিৰঙালৈ ভ্ৰমণৰ বাবে আহে । পৰ্যটকৰ দলটোৰ মাজৰ এগৰাকী পৰ্যটকৰ ৰিপোৰ্টত ক’ভিদ পজিটিভ অহাত মঙ্গলবাৰে বোকাখাতৰ প্ৰশাসনক স্বাস্থ্য বিভাগে অৱগত কৰে। দিনটো বিচৰাৰ পাছত মঙ্গলবাৰে সন্ধ্যা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত পৰ্যটকৰ দলটো থকাৰ সম্ভেদ পাই উদ্যানত উপস্থিত হয় মহকুমা প্ৰশাসন।
উল্লেখ যে, পৰ্যটকৰ দলটোৱে শ শ পৰ্যটকৰ সৈতে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত প্ৰৱেশ কৰি উপভোগ কৰিছিল সাংস্কৃতিক অনুষ্ঠান।