দেশজুৰি কণিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ
দিল্লীত চিকিৎসকৰ ওপৰত হোৱা আৰক্ষীৰ নিৰ্যাতনৰ প্ৰতিবাদত মঙলবাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কণিষ্ঠ চিকিৎসকে । দিল্লীৰ চফডৰজং চিকিৎসালয়ত প্ৰতিবাদকাৰী কণিষ্ঠ চিকিৎসকক নিৰ্যাতন চলাইছিল আৰক্ষীয়ে । Neet PG ৰ কাউঞ্চেলিং অনুষ্ঠিত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল কণিষ্ঠ চিকিৎসক সকলে ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়তো প্ৰতিবাদ সাব্যস্ত কৰিলে কণিষ্ঠ চিকিৎসক সন্থাই । GMCH ত কণিষ্ঠ চিকিৎসকৰ প্ৰতিবাদৰ ফলত তীব্ৰ আহুকালৰ সন্মুখীন হয় ৰোগী সকল । কণিষ্ঠ চিকিৎসকৰ প্ৰতিবাদৰ ফলত স্থবিৰ হৈ পৰে OPD সেৱা ।