Daily Time Axom

বৰদিনৰ পিছত ওমিক্ৰনে ম্লান কৰিব নৱবৰ্ষৰ আনন্দও ৷ শেহতীয়াকৈ ধৰা পৰা ওমিক্ৰনৰ লক্ষণ কি কি ?

0 7

নৱবৰ্ষক লৈ বিশ্ব উচ্ছসিত হৈ থাকিলেও নৱবৰ্ষ বৰ সুখকৰ নহ’ব এইবাৰ ৷ জানুৱাৰী-ফেব্ৰুৱাৰীৰ মাজ ভাগত অধিক ভয়াৱহ হ’ব পাৰে অমিক্ৰনৰ সংক্ৰমণ ৷ স্বাস্থ্য বিশেষজ্ঞ সকলে শেহতীয়াকৈ এই মত পোষণ কৰিছে ৷ বিশেষজ্ঞ সকলৰ মতে কোৰোণাৰ আন ষ্ট্রেইনৰ তুলনাত অমিক্ৰনৰ ফলত মানুহ কম অসুস্থ হৈছে।

ইফালে ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণ ৷ ডেল্টাৰ তুলনাত অমিক্ৰন ৰোগীক হাস্পতালত ভৰ্তি কৰোৱাৰ প্ৰয়োজনীয়তা ৫০ৰ পৰা ৭০ শতাংশলৈ কম হৈছে। কিন্তু এই ওমিক্ৰন ক’ভিডৰ আটাইতকৈ সংক্ৰামক ভেৰিয়েণ্ট ৷ এই ভেৰিয়েন্টে একেলগে কেইবাজনো লোকক সংক্ৰমিত কৰিব পাৰে। নতুন বছৰৰ আনন্দ উৎসৱে ইয়াৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰিছে ।

“অমিক্ৰনৰ লক্ষণ কি কি ?”

অমিক্ৰনৰ কেইটামান গুৰুত্বপূৰ্ণ লক্ষণ হ’ল-

  • ডিঙিৰ বিষ বা যন্ত্ৰণা, চৰ্দি, ভাগৰুৱা, হাঁচি অহা, পিঠিৰ তলৰ অংশৰ বিষ, মূৰৰ বিষ, নিশা ঘাম ওলোৱা আৰু মাংসপেশীৰ বিষ। স্বাস্থ্য বিশেষজ্ঞৰ মতে এই লক্ষণসমূহৰ প্ৰতি লক্ষ্য কৰিলে চৰ্দি–জ্বৰ আৰু অমিক্ৰনৰ লক্ষণৰ পাৰ্থক্য জানিব পাৰি।
    *বৰ্তমান কোৰোণাৰ অধিক সংখ্যক ঘটনাত প্ৰচণ্ড জ্বৰ, কফ, সোৱাদ আৰু ঘ্ৰাণশক্তি নাইকিয়া হোৱা আদি লক্ষণ অমিক্ৰনত দেখা পোৱা যোৱা নাই।

ব্ৰিটেইনত অমিক্ৰনে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ব্ৰিটিছ চিকিৎসকৰ মতে, এতিয়ালৈ যি সকলৰ ৰোগী আহিছে, তেওঁলোকৰ শুকান কাঁহ, পাতল জ্বৰ, নিশা ঘাম ওলোৱা আৰু শৰীৰত প্ৰচণ্ড বিষৰ সমস্যা হৈ আছে। নিশা ইমানেই ঘাম ওলাই যে ৰোগীৰ কাপোৰ সলনি কৰিবলগীয়া হয়।

কোৰোণাৰ লক্ষণ অনুভৱ নহ’লেও, যদি আপুনি ভিতৰৰ পৰা অসুস্থ অনুভৱ কৰিছে তেন্তে শীঘ্ৰে টেষ্ট কৰাওক।

বিশেষজ্ঞৰ মতে, অমিক্ৰনত আক্ৰান্ত বহু লোকৰ কোনো লক্ষণ দেখা যোৱা নাই। অৰ্থাৎ অমিক্ৰনৰ সংক্ৰমণত লক্ষণহীন ঘটনাও আহিছে। এক কথাত মানুহৰ অজ্ঞাতে সমগ্ৰ বিশ্বতে অমিক্ৰন বিয়পি গৈ আছে। বিশেষজ্ঞৰ পৰামৰ্শ, মাস্ক পিন্ধা আৰু ছ’চিয়েল ডিছটেন্সিঙৰ জৰিয়তেহে এই সংক্ৰমণৰ পৰা বাচিব পৰা যাব। ইয়াৰ উপৰি, ভেকচিনৰ দুয়োটা ড’জ লগোৱাটো অতি প্ৰয়োজন। ভেকচিনেটেড লোকৰ ক্ষেত্ৰত সংক্ৰমণ হ’লেও ই গুৰুতৰ ৰূপ ধাৰণ কৰিব পৰা নাই।

Leave A Reply

Your email address will not be published.