৩১ ডিচেম্বৰত সুৰাপায়ীক গাড়ীৰে ঘৰত থৈ আহিব আৰক্ষীয়ে ৷ দুটাকৈ টোল ফ্ৰি নম্বৰ মুকলি বিশ্বনাথ আৰক্ষীৰ ৷
৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত দুৰ্ঘটনা সংঘটিত হৈ কোনো লোকে যাতে প্ৰাণ হেৰুৱাব নালাগে তাৰ বাবে তৎপৰ হৈ পৰিছে বিশ্বনাথ আৰক্ষী ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে নতুন বছৰ আৰম্ভ হোৱাৰ এসপ্তাহ আগৰ পৰাই আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰ লৈ ঠায়ে ঠায়ে সুৰাপায়ী চালকসকলৰ পৰীক্ষা চলাই আছে ৷ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰ সমান্তৰালকৈ বছৰৰ শেষ নিশাটোৰ বাবে বিশ্বনাথ আৰক্ষীয়ে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।
এই দুই নিশা পাৰ্টী কৰি বিপদত পৰা সকলক সহায় কৰিব বিশ্বনাথ আৰক্ষীয়ে ৷ সুৰাপান কৰাৰ বাবে ঘৰলৈ ঘূৰি আহিবলৈ অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ অসুবিধা হোৱাসকলৰ বাবে জিলা প্ৰশাসনৰ সহযোগত আৰক্ষীয়ে গাড়ীৰ ব্যৱস্থা কৰিছে৷ সুৰাপানৰ বাবে বিপদত পৰা সকলক প্ৰশাসনৰ গাড়ীৰে ঘৰত থৈ অহাৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ বাবে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। বিশ্বনাথ আৰক্ষীয়ে মুকলি কৰা 9954758961 আৰু 9854684760 হেল্পলাইন নম্বৰত ফোন কৰিলেই সহায়ৰ বাবে উপস্থিত হ’ব আৰক্ষী।