অসমৰ ৰাজপথত কমিব ৰঙা লাইট থকা গাড়ী ৷ নতুন বছৰৰ পৰা বিধায়কে নিৰাপত্তাৰক্ষী পাব কেৱল ৪ জন, নাথাকিব এছকৰ্ট গাড়ী ৷

শীঘ্ৰেই যেন প্ৰদৰ্শনকামী আভিজাত্য কিছু হ্ৰাস পাব একাংশ ভি ভি আই পি আৰু ভি আই পিৰ ৷ লগতে ৰঙা লাইটৰ গাড়ী-নিৰাপত্তা আদি কমিব বিধায়ক আদিৰ ৷ অসম চৰকাৰে ৰাজ্যখনৰ বিধান সভাৰ সদস্য আৰু অতি গুৰুত্বপূৰ্ণ ব্যক্তি (ভিআইপি)ৰ নিৰাপত্তাৰ ওপৰত সিদ্ধান্ত ল’ব। নতুন বছৰৰ আৰম্ভণীতে ৰাজ্য চৰকাৰে অসমৰ ৰাজনৈতিক নেতাসকলৰ নিৰাপত্তাৰক্ষী হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ বাৰাণসীত মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত এই সন্দৰ্ভত এক পৰামৰ্শ আগবঢ়াইছিল ৷

ড° হিমন্ত বিশ্ব শৰ্মা কেবিনেটে ২০২২ চনৰ ১ জানুৱাৰীত, ইয়াৰ পৰৱৰ্তী কেবিনেট বৈঠকত সিদ্ধান্ত লোৱাৰো সম্ভাৱনা আছে । এইটো নতুন বছৰৰ প্ৰথম দিনাৰ সিদ্ধান্ত হ’ব।

সেই অনুসৰি সকলো বিধায়কে কেৱল ৪ জন নিৰাপত্তাৰক্ষী পোৱাৰ সম্ভাৱনা আছে, কিন্তু কোনো এছক’ৰ্ট গাড়ী নাথাকিব। লগতে, কোনো ৰাজ্যিক পৰ্যায়ৰ নেতাই এছক’ৰ্ট গাড়ী নাপাব।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুৰব্বীয়ে এছক’ৰ্ট গাড়ী হেৰুওৱাৰো সম্ভাৱনা আছে, কিন্তু ৪ জন পিএছঅ’ লাভ কৰিব। সেই অনুসৰি, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই ৪ জন নিৰাপত্তাৰক্ষী আৰু এছক’ৰ্ট গাড়ী দুয়োটা লাভ কৰিব।

ইফালে, মুখ্য সচিবে ৪ জন নিৰাপত্তাৰক্ষী আৰু এখন এছক’ৰ্ট লাভ কৰিব। অতিৰিক্ত মুখ্য সচিবৰ পৰা সচিবলৈকে, বিষয়াসকলে মাত্ৰ ৪ জন নিৰাপত্তাৰক্ষী লাভ কৰিব। কেবিনেট মন্ত্ৰীসকলৰ সম্ভৱতঃ বৰ্তমানৰ নিৰাপত্তাৰক্ষী আৰু এচক’ৰ্ট গাড়ী ব্যৱস্থা একেই থাপিব বুলি খবৰ আহিছে ৷

Comments (0)
Add Comment