ধুবুৰীত দীন দয়াল আঁচনিৰ অধিনত ভাষানী চৰত ২২৪ জনক শ্বোলাৰ বিতৰণ

ধুবুৰী ভাষানী চৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী হামিদা খাতুনৰ নেতৃত্বত আয়ৰন জংলা ৩য় খণ্ডৰ ২২৪ গৰাকী ব্যক্তিক অসম চৰকাৰৰ অধীনৰ দীনদয়াল আঁচনিৰ জৰিয়তে বিনামুলীয়াকৈ বিতৰণ কৰা হয় শ্বোলাৰ ৷ উল্লেখ যোগ্য ভাষানীচৰৰ আয়ৰন জংলা ৩য় খণ্ডৰ চৰ অঞ্চলৰ ৰাইজে বিজুলীৰ সুবিধা নথকাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈ আহিছিল ৷ চৰকাৰে দিয়া এই শ্বলাৰ সমূহ পোৱাত ২২৪ গৰাকী হিতাধিকাৰীয়ে ধন্যবাদ জনায় স্থানীয় গাওঁ পঞ্চায়তৰ সভানেত্ৰী হামিদা খাতুন তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

গোসাইগাওঁৰ পৰা মোনেৰ আলীৰ ৰিপৰ্ট

Comments (0)
Add Comment