Daily Time Axom

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লৈ নিৰ্বাচনী আয়োগৰ সংবাদমেল

0 7

ওমিক্ৰণৰ আতংকৰ মাজতে উত্তৰ প্ৰদেশ তথা আন ৪ ৰাজ্যত ২০২২ বৰ্ষত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব নে নহয় তাক লৈ বৰ্তমানেও অব্যাহত আছে জল্পনা কল্পনা । সোমবাৰে তিনিদিনীয়া উত্তৰ প্ৰদেশ ভ্ৰমণসুচী লৈ উত্তৰ প্ৰদেশত উপস্থিত হৈছিল নিৰ্বাচনী আয়োগৰ দল । ৰাজ্যখনত উপস্থিত প্ৰতিটো ৰাজনৈতিক দলৰে মত বিনিময় কৰিছিল নিৰ্বাচন আয়োগৰ দলটোৱে ।
বৃহস্পতিবাৰে লক্ষ্ণৌত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে ৰাজনৈতিক দল সমুহৰে হোৱা আলোচনা তথা সময়মতে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব নে নহয় এই সম্পৰ্কত মত ব্যক্ত কৰে নিৰ্বাচনী আয়োগৰ দলটোৱে । উত্তৰ প্ৰদেশৰ প্ৰতিটো ৰাজনৈতিক দলে সময় মতে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে ।

আয়োগৰ সংবাদমেলৰ পিছত এয়া অনুমান কৰিব গৈছে যে , ৰাজ্যখনত নিৰ্ধাৰিত সময়তে নিৰ্বাচন অনুষ্ঠিত হ’ব ।
আনহাতে ভোটগ্ৰহণ সময়ত কিছু নতুন পদক্ষেপ লোৱা হ’ব বুলি সংবাদমেলত প্ৰকাশ কৰে মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাই । ৮০ উৰ্দ্ধৰ ভোটাৰ , শাৰীৰিক ভাৱে সক্ষম , কোভিড সংক্ৰমিতই নিজ ঘৰতে ভোটদান কৰিব পাৰিব । ভোটগ্ৰহণৰ সময়সীমা পুৱা ৮ বজাৰ পৰা আবেলি ৬ বজালৈ বৃদ্ধি কৰা হৈছে । সকলো ভোটগ্ৰহণ কেন্দ্ৰত EVM ৰ জৰিয়তে ভোটদান সাব্যস্ত কৰিব পাৰিব ভোটাৰে । সকলো অঞ্চলতে আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব । ৮০০ মহিলা পুলিং বুথৰো ব্যৱস্থা কৰা হ’ব উত্তৰ প্ৰদেশত ।
ক’ৰোনা সংকটলৈ লক্ষ্য কৰি উত্তৰ প্ৰদেশত ১১ হেজাৰ নতুন ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব ।
উল্লেখ্য যে , ২০২২ বৰ্ষত উত্তৰ প্ৰদেশৰ লগতে পঞ্জাৱ, গোৱা , উত্তৰাখণ্ড আৰু মণিপুৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ।

Leave A Reply

Your email address will not be published.