Daily Time Axom

খাজুৰাহোৰ এখন হোটেলৰ পৰা কালীচৰণক গ্ৰেপ্তাৰ, কোন এই কালিচৰণ!

0 8

মহাত্মা গান্ধীৰ ওপৰত অশালীন আৰু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত কালিচৰণ মহাৰাজক ছত্তীশগড়ত গ্ৰেপ্তাৰ কৰা হৈছে। ৰায়পুৰ আৰক্ষীয়ে খাজুৰাহোৰ এখন হোটেলৰ পৰা কালীচৰণক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে, মহাৰাজ কালিচৰণৰ বিৰুদ্ধে টিক্ৰাপাৰা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল।

ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত মহাত্মা গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে গোচৰ ৰুজু হোৱাৰ পিছত অভিযুক্ত ধৰ্মীয় গুৰু কালিচৰণ মহাৰাজে কয় যে ইয়াৰ বাবে তেওঁৰ কোনো অনুশোচনা নাই। দেওবাৰে সন্ধিয়া ৰাৱণভত্ত ময়দানত দুদিনীয়া ধৰ্ম সংসদৰ অন্তিম দিনা কালিচৰণ। হত্যাকাৰী নাথুৰাম গডছেক গুন বখানি ৰাষ্ট্ৰপিতাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

Leave A Reply

Your email address will not be published.