Daily Time Axom

২০২১ৰ সাহিত্য অকাডেমী বঁটাৰে সন্মানিত বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পুজাৰী

0 9

সাপ্তাহিক কাকত ‘সাদিন’ৰ মুখ্য সম্পাদক বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পুজাৰীয়ে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি সন্মান লাভ কৰিছে । ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ“ল বিশিষ্ট লেখিকা গৰাকী । সোণ হৰিণৰ চেঁ‌কুৰ , মেৰেং , প্ৰিয় মানুহ প্ৰিয় কথা আদি গ্ৰন্থৰ ৰচয়িতা অনুৰাধা শৰ্মা পুজাৰীয়ে এই বৰ্ষৰ সাহিত্য অকাডেমি বটা লাভ কৰাত আনন্দিত হৈছে পাঠক সমাজ ।

২০২১ বৰ্ষৰ যুৱ অকাডেমী বঁটা অভিজিৎ বৰালৈ ।
মৃণাল কলিতালৈ শিশু সাহিত্য অকাডেমী বঁটা।
‘বকুল ফুলৰ দৰে’ গ্ৰন্থৰ বাবে মৃণাল কলিতাই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

Leave A Reply

Your email address will not be published.