PSO পৰিহাৰৰ মুখ্যমন্ত্ৰীৰ আহ্বানক তীব্ৰ কটাক্ষ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ

কিছুদিন পুৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱস উপলক্ষে অনুষ্ঠিত সুশাসন দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত দেহৰক্ষী পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছিল বিজেপিৰ নেতা-কৰ্মীক । PSO কংগ্ৰেছৰহে সংস্কৃতি বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে ।
মুখ্যমন্ত্ৰীৰ এই আহ্বানক তীব্ৰ কটাক্ষ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ । বিধায়ক পুৰকায়স্থৰ প্ৰশ্ন প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বৰ কালত যেতিয়া ডঃ হিমন্ত বিশ্ব শৰ্মাই Z কেটেগৰি নিৰাপত্তা লাভ কৰিছিল, তেতিয়া কিয় নিশ্চুপ আছিল ডঃ হিমন্ত বিশ্ব শৰ্মা ? সেইসময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীক অনুৰোধ কৰি তেওঁ‌ Z কেটেগৰিৰ নিৰাপত্তা লৈছিল , তেতিয়া সেই সংস্কৃতি ক’ত গৈছিল ?

TRPৰ কাৰণে ৰাজনীতি কৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই মন্তব্য কংগ্ৰেছ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ । চৰকাৰ তথা মুখ্যমন্ত্ৰীলৈ আহ্বান, বিকল হৈ পৰা উদ্যোগ সমুহ পৰিদৰ্শন কৰক , নিবনুৱা যুৱক-যুৱতীৰ মনৰ খবৰ লওক । কোনে কি কৰিছে , কোনে PSO লৈছে , এইবোৰ খবৰ মুখ্যমন্ত্ৰীয়ে নলয় । যদি PSO বিযয়টোৱে আমনি কৰিছে , তেন্তে মুখ্যমন্ত্ৰীয়ে এক নিৰ্দেশ জাৰি কৰক বিজেপি কোনো নেতা-কৰ্মীয়ে PSO ল’ব নেলাগে বুলি । মুখ্যমন্ত্ৰীৰ মুখত এনে মন্তব্যই শোভা নেপায় ।

Comments (0)
Add Comment