কাশ্মীৰত পুনৰ সেনাৰ গুলীত লিহত ৩ উগ্ৰপন্থী কাশ্মীৰ আৰক্ষী আৰু সেনাৰ যুটীয়া বাহিনীৰ অভিযানত ৩ জন উগ্ৰপন্থী নিহত হয় । আনহাতে উগ্ৰপন্থীৰ গুলীচালনাত ১ জন চিআৰপিএফ জোৱান আৰু ৩ জন আৰক্ষী আহত হয়।
কাশ্মীৰৰ পাঠানচক অঞ্চলত বৃহস্পতিবাৰে নিশা উগ্ৰপন্থী আৰু যুটীয়া বাহিনীৰ সংঘৰ্ষত ৩ জন উগ্ৰপন্থী নিহত হয়। ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে এতিয়াও অঞ্চলটো ঘেৰাও তালাচী চলাই আছে। আহত আৰক্ষী আৰু জোৱানজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁলোকৰ চিকিৎসা চলি আছে। মৃত জেহাদীসকলৰ এজনক চিনাক্ত কৰা হৈছে। তেওঁৰ নাম সোহেল আহমেদ ৰথ। তেওঁ জৈশ-ই-মহম্মদৰ সদস্য আছিল। বাকী দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
যুটীয়া বাহিনীয়ে বুধবাৰেই নওগাম আৰু কুলগামত সংঘৰ্ষত ছয়জন উগ্ৰপন্থীক নিৰ্মূল কৰিছিল। তেওঁলোকৰ দুজন পাক নাগৰিক আছিল।