Daily Time Axom

স্বাস্থ্য খণ্ডক লৈ মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ ঘোষণা ৷ ৩জানুৱাৰীৰ পৰা স্কুলে স্কুলে হ’ব ভেকচিন প্ৰদান

0 9

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে এক সংবাদমেলৰ জৰিয়তে জানিবলৈ দিছে যে নৱবৰ্ষত অসমবাসীয়ে উপহাৰ পাব ৮ খন নতুন কেন্সাৰ হাস্পতাল লগতে ৪,৬০০ টা উপ-কেন্দ্ৰক Health and Wellness Center-ৰূপেলাভ কৰিব।

আনহাতে ৩ তাৰিখৰ পৰা ৰাজ্যৰ স্কুলে স্কুলে চলিব ভেকচিন প্ৰদান আৰু ইয়াক ৭ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব । ৩ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ চলিব ভেকচিন প্ৰদান কাৰ্যসূচী । ইয়াৰ বাবে জিলাই জিলাই উপায়ুক্ত সকলক নিৰ্দেশ দিছে। শিক্ষাৰ্থীক ভেকচিন দিয়াটো চৰকাৰৰ প্ৰথম লক্ষ্য। শিক্ষাৰ্থীসকলক দুটা ডোজ লৈহে পৰীক্ষাত বহিবলৈ অনুৰোধ জনাইছে মন্ত্ৰীগৰাকীয়ে ।

এতিয়ালৈকে ৰাজ্যত ৩ কোটি ৭৫ লাখ লোকক ভেকছিন দিয়া হৈছে । ।২ কোটি ৭ লাখ লোকে লৈছে প্ৰথমটো ডোজ।। ১ কোটি ৭ লাখ লোকে লৈছে দ্বিতীয়টো ডোজ।

আনহাতে ওমিক্ৰন প্ৰতিৰোধৰ বাবে সষ্টম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। সাজু কৰিছে ১০০০ ICU ৰ লগতে ২৬০০ অক্সিজেন বেড । এসপ্তাহৰ ভিতৰত ২৫০০০লৈ বৃদ্ধি কৰা হ’ব কোভিড বেডৰ সংখ্যা। তদুপৰি ওমিক্ৰন পৰীক্ষাৰ বাবে GMCH ত নতুন লেব স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

Leave A Reply

Your email address will not be published.