Daily Time Axom

দুলীয়াজানত ১৫-১৮বছৰীয়াৰ টিকাকৰণ কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ ৷ ১০ জানুৱাৰীৰ পৰা দিয়া হ’ব ক’ৰণাৰ প্ৰতিষেধকৰ তৃতীয় ডোজ৷

0 7

সোমবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে ১৫ ৰ পৰা ১৮ বৰ্ষৰ কিশোৰ কিশোৰীক ক’ৰণা প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া । ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল পঞ্জীয়ন ।
সোমবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়া উচ্ছতৰ মাধ্যমিকত ১৫ ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীক ক’ভিড ভেকচিন প্ৰদানৰে অসমতো আৰম্ভ হয় এই কাৰ্যসুচীৰ । এই কাৰ্যসূচীত ডিব্ৰুগড় প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মুঠ ৪০৫ গৰাকী কিশোৰ-কিশোৰীয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰে । দুলীয়াজানত এই কাৰ্যসুচী উন্মোচন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী , ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা , বিমল বৰা , সঞ্জয় কিষাণ তথা বিধায়ক টেৰেছ গোৱালা । আগন্তুক দুমাহৰ ভিতৰত ১৫ ৰ পৰা ১৮ বৰ্ষৰ লোকসকলৰ প্ৰতিষেধক প্ৰদান কৰি সম্পুৰ্ণ কৰা লক্ষ্য আগত ৰাখিছে চৰকাৰে ।
জানুৱাৰী মাহৰ ১০ তাৰিখৰ পৰা ৰাজ্যত তৃতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হ’ব দুলীয়াজানত ঘোষণা মুখ্যমন্ত্ৰীৰ । প্ৰথম শাৰীৰ ক’ভিড যোদ্ধা তথা যি সকল জ্যেষ্ট নাগৰিকে দ্বিতীয় ডোজ লোৱাৰ সময় ৯ মাহ উকলি গৈছে সেইসকল লোকক ১০ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ’ব ক’ৰণাৰ প্ৰতিষেধকৰ তৃতীয় ডোজ ।

Leave A Reply

Your email address will not be published.