Daily Time Axom

পাকিস্তান-তালিবানৰ সংঘাত ! সীমাৰ কাঁটা তাঁ‌ৰ পুনৰ তুলি নিলে তালিবানে ৷

0 6

আফগানিস্তানৰ তালিবান ডিঙিৰ কাঁইট হ’বলৈ আগবাঢ়িছে পাকিস্তানৰ বাবে । তালিবান শাসনক মান্যতা প্ৰদান আৰু তালিবানৰ বাবে ভিক্ষাৰ জোলোঙা লৈ বিশ্ববাসীৰ ওচৰত হাত যোৰ কৰি আহিছিল পাকিস্তানে । সন্ত্ৰাসবাদী তালিবানীক স্বাধীনতা যুজাঁৰু বুলি ক’বলৈ পিছ হুহুকা নাছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান । অৱশেষত সন্ত্ৰাসবাদী তালিবানে নিজৰ প্ৰকৃত ৰুপ দেখুৱাবলৈ আৰম্ভ কৰিছে । টাৰ্গেট পাকিস্তান ।

তালিবানৰ বাবে ভিক্ষা খুজি অহা পাকিস্তানৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে সন্ত্ৰাসবাদী তালিবানে ।

ধ্বংস কৰিছে পাকিস্তান-আফগানিস্তানৰ ডুৰান্দ ৰেখা কাঁটা তাঁ‌ৰৰ বেৰ ।
ঘটনা ৰবিবাৰৰ । প্ৰায় ২৬০০ কিঃ মিঃ জোৰা ডুৰান্দ সীমাৰ এটা অংশৰ কাঁটা তাৰঁ‌ উঘালি পেলালে তালিবানী সন্ত্ৰাসবাদীয়ে । ট্ৰাক চলাই ধ্বংস কৰিলে সীমান্তৰ বেৰ ।
এই ঘটনাৰ পিছতে পাকিস্তান-আফগানিস্তানৰ ডুৰান্দ সীমান্তত উত্তেজনা বৃদ্ধি পাইছে । যিকোনো সময়তে পাকিস্তান সেনা আৰু তালিবানৰ মাজত সংঘৰ্ষ ঘটাৰ পৰিৱেশ ৰচনা হৈছে । সীমান্তৰ দুয়োদিশে থকা পখটুন জনগোষ্টী সীমান্তৰ কাঁটা তাঁ‌ৰেৰে বিভাজিত কৰাত ঘোৰ আপত্তি তালিবানীৰ । পাকিস্তানৰ মাৰগলা পাহাৰলৈ আফগানিস্তানৰ সীমা বুলি দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে তালিবানে ।
পাকিস্তান আফগানিস্তান সীমাত সৃষ্টি হোৱা সংঘাতে শ’লঠেকত পেলাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক । দেশৰ বাহিৰে ভিতৰে তাচ্চিল্যৰ সন্মুখীন হৈছে ইমৰাণ খান । ছ’চিয়েল মিডিয়াত ট্ৰল হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান । সমগ্ৰ ঘটনাক লজ্জাজনক আখ্যা পাকিস্তানী নাগৰিকৰ । পাকিস্তানী অধিকাংশ নাগৰিকৰ ইমৰান খানৰ প্ৰতি পৰামৰ্শ , পাকিস্তানী প্ৰধানমন্ত্ৰীয়ে তালিবানৰ বিপৰীতে নিজ দেশৰ সমস্যাৰ প্ৰতি মনোনিবেশ কৰক ।

Leave A Reply

Your email address will not be published.