Daily Time Axom

মাজুলীত উপায়ুক্তৰ ৰূপত ১৫ বছৰীয়া ছাত্ৰী প্ৰিয়ংকা দাস

0 7

সত্ৰ নগৰী মাজুলী জিলাৰ উপায়ুক্তৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ১০ মিনিটৰ বাবে মাজুলীৰ উপায়ুক্তৰ আসনত বহিল এগৰাকী ১৫ বছৰীয়া ছাত্ৰী। সোমবাৰে উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা এই ছাত্ৰীগৰাকী হ’ল মাজুলী খাৰজানপাৰ জনজাতি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা দাস।

সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত পুৱা ১৫ ৰ পৰা ১৮ বছৰৰ ছাত্র-ছাত্রীৰ ক’ভিড ভেকচিনৰ প্ৰথম পালি টিকা প্ৰদানৰ শুভাৰম্ভণী কাৰ্যসূচীত উপস্থিত থাকে জিলা উপায়ুক্ত পুলক মহন্ত।

উক্ত ভেকচিন প্ৰদান কাৰ্যসূচীত ছাত্র-ছাত্রীক উৎসাহ প্ৰদানৰ বাবে প্ৰিয়ংকা দাসক ১০ মিনিটৰ বাবে জিলা উপায়ুক্তৰ দায়িত্ব অৰ্পণ কৰে পুলক মহন্তই ৷

খাৰজানপাৰ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয়ভাৱে প্ৰথম প্ৰতিষেধক গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। উপায়ুক্তৰ আসনতে বহি ছাত্ৰীগৰাকীয়ে গ্ৰহণ কৰিলে ক’ভিড ভেকচিন। আনহাতে ১০ মিনিটৰ বাবে উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰি সুখী বুলি সদৰি কৰিলে প্ৰিয়ংকা দাস ।

Leave A Reply

Your email address will not be published.