Daily Time Axom

আকৌ চৰ্চাত কাৰ্ডেলিয়া নামৰ বিলাসী জাহাজখন; আৱদ্ধ হৈ আছে মাজ সাগৰত

0 11

চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ দ্ৰাগছ গোচৰত আটক হোৱাৰ সময়ত চৰ্চালৈ আহিছিল বিলাসী ক্ৰুজ কাৰ্ডেলিয়া । কাৰ্ডেলিয়া ক্ৰুজত হোৱা এক পাৰ্টিত অতৰ্কিতে তালাচী চলায় মুম্বাই এন চি বিয়ে আটক কৰিছিল আৰয়ান খান সহ আন তিনিগৰাকী অভিযুক্তক । সেইসময়ত সমগ্ৰ দেশত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছিল কাৰ্ডেলিয়া ক্ৰুজ ।
সেই ঘটনা সংঘটিত হোৱাৰ কেবামাহো উকলিল । আৰয়ান খানে জামিন লাভ কৰিলে , বিতৰ্কত সাঙোৰ খাই গোচৰটোৰ পৰা তদন্তৰ ভাৰ হেৰুৱালে মুম্বাই এন চি বি ৰ বিযয়া সমীৰ ৱানখেড়েই ।
নতুন বৰ্ষৰ আৰম্ভণিতে পুনৰ চৰ্চালৈ আহিছে কাৰ্ডেলিয়া ক্ৰুজ । এইবাৰৰ চৰ্চাৰ কাৰণ ক’ৰণা সংক্ৰমণ । বিলাসী ক্ৰুজৰ এগৰাকী চালকৰ দেহত কভিডৰ উপস্থিতি ধৰা পৰিছে । ফলত ২০০০ যাত্ৰী তথা ১৬ গৰাকী জাহাজৰ কৰ্মচাৰীক RT-PCR পৰীক্ষা কৰি থকা হৈছে । মুম্বাইৰ পৰা গোৱালৈ ৰাওনা হোৱা কাৰ্ডেলিয়া ক্ৰুজক গোৱাৰ মাজসাগৰত আইচলেচনত ৰখা হৈছে । গোৱাৰ মৌৰ মুগাৱো বন্দৰৰ সমীপত ৰখাই থোৱা হৈছে বিলাসী জাহাজখন ।

Leave A Reply

Your email address will not be published.