তেজপুৰত ক’ভিড ভেকচিনেছন কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে
অসমত ক’ভিড বা ওমিক্ৰন ভেৰিয়েন্ট ভাইৰাছ ভবিষ্যতে ব্যাপক সংক্ৰমণ নঘটিব তাক নুই কৰিব পৰা নাই ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে। তেজপুৰৰ বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে ১৫ৰ পৰা ১৮ বছৰীয়াৰ বাবে এটা ভেকচিনেছন কেন্দ্ৰ মুকলি কৰি মহামাৰী স্বৰূপ ভাইৰাছে যে ভৱিষ্যতে ভয়াবহ ৰূপ ল’ব পাৰে তাৰ ইংগিত দিয়ে । মন্ত্ৰী গৰাকীয়ে ক’ভিড আদি ভাইৰাছৰ বাবে ৰাইজক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ আহবান জনায় । মন্ত্ৰী গৰাকীয়ে ভেকছিন প্ৰদানৰ কাৰ্যসূচীৰো কিছু সময় তদাৰক কৰে । এই কাৰ্যসূচীত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা-বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু-জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসো উপস্থিত থাকে।