Daily Time Axom

ওমিক্ৰনে কিমান সময়ৰ ভিতৰত ধৰা দিয়ে মানুহৰ শৰীৰত?

0 12

সমগ্ৰ দেশতে উৰ্ধমুখী পুনৰ কৰ’না সংক্ৰমণ। কৰোনা সংক্ৰমণৰ হাৰে সীমা চেৰাইছে। কোভিড নতুন আতংকৰ নাম হৈছে ওমিক্ৰন। ওমিক্ৰন হৈছে কৰোনা ভাইৰাছৰ মিউটেন্ট ৰূপ, কিন্তু কিছুমান ক্ষেত্ৰত ওমিক্ৰনৰ গুণাগুণ পৃথক হয়।

ওমিক্ৰনৰ লক্ষণবোৰ কি কি:-

অন্যান্য প্ৰকাৰৰ কৰোনাৰ দৰে, ওমিক্ৰনে কিছুমান লক্ষণ দেখুৱায় যেনে; মৃদু জ্বৰ, ডিঙিৰ বিষ, ভাগৰ, শৰীৰত বিষ। ওমিক্ৰনৰ ক্ষেত্ৰত, সোৱাদ বা গোন্ধ থাকে। কিন্তু কেতিয়াবা ভোক হ্ৰাস হ’ব পাৰে।

লক্ষণবোৰ কিমান সময়ত ধৰা পৰে:-

ওমিক্ৰন হওঁক বা আন যিকোনো প্ৰকাৰৰ কৰ’না হওঁক, লক্ষণবোৰ সাধাৰণতে শৰীৰত প্ৰৱেশ কৰাৰ ৫ ৰ পৰা ৬ দিনৰ ভিতৰত আৰম্ভ হয়। সৰ্বাধিক ১৪ দিনৰ পাছতো লক্ষণবোৰ প্ৰকট হ’ব পাৰে। কিন্তু এইটো নহয় যে সকলো ক্ষেত্ৰতে লক্ষণ দেখা যাব। কিছুমান ক্ষেত্ৰত বহুতো ৰোগৰ লক্ষণো থাকিব পাৰে। গতিকে প্ৰকাশ হোৱাৰ এদিনৰ ভিতৰত কৰ’নাৰ লক্ষণবোৰ পৰীক্ষা কৰাওক আৰু নিজকে অকলশৰে বা আইছ’লেছনত ৰাখক ।

Leave A Reply

Your email address will not be published.