নৱবৰ্ষত উজনি অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক পৰিভ্ৰমণ

চৰাইদেউ জিলাৰ সোণাৰিত বৃহস্পতি বাৰে হঠাৎ উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ চৰাইদেউৰ ভেছেলী পথাৰ গাওঁঁস্থিত বাসভৱনত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ বিগত ১৮ নৱেম্বৰ ২০২১ বৰ্ষত পৰলোকপ্ৰাপ্তি ঘটা তপন গগৈৰ মাতৃ সৰুমাই গগৈৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ৷ নৱবৰ্ষৰ আৰম্ভণিৰে পৰা উজনি অসমৰ প্ৰায়বোৰ জিলা, সদৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিভ্ৰমণ দেখা পোৱা গৈছে । শেহতীয়াকৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “অসম মালা” আচঁনিৰ জৰিয়তে আনুষ্ঠানিক ভাৱে ৰাজ্যৰ দুখন জিলাৰ ক্ৰমে বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নাম ঘোষণা কৰিছিল । ১০০ খন আসনযুক্ত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ লগতে ৫০০ খন বিচনাযুক্ত মহাবিদ্যালয় আৰু ১০০ বিঘা মাটিত নতুনকৈ নিৰ্মাণ হৈ থকা চৰাইদেউ জিলা চিকিৎসা মহাবিদ্যালয়ো পৰিদৰ্শন কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

ফাৰহান লস্কৰ, (শিৱসাগৰ)

Comments (0)
Add Comment