পঞ্জাৱত প্ৰকৃততে কি ঘটিছিল ? কিয় উভতি যাব লগা হ’ল প্ৰধান মন্ত্ৰী মোডী?
বুধবাৰে পঞ্জাৱৰ ফিৰোজপুৰত জনসভাত অংশগ্ৰহণ নকৰাকৈ দিল্লীলৈ উভতি গৈছিল প্ৰধানমন্ত্ৰী মোডী। কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি কৰ্মীয়ে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে। বিজেপি আৰু ৰাজ্যখনত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ মাজত এতিয়া এক বাকযুদ্ধৰ বাতাবৰণ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । কিন্তু বুধবাৰে প্ৰকৃততে কি ঘটিছিল, চাওঁ আহক।
বেয়া বতৰৰ আছিল তাৰ মাজতে প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা ভাটিণ্ডালৈ গৈছিল। তাৰ পিছত তেওঁ তাৰ পৰা হেলিকপ্টাৰেৰে ফিৰোজপুৰলৈ গৈ তাত এখন ৰেলী সম্বোধন কৰাৰ কথা আছিল। কিন্তু বতৰ বেয়া হোৱাৰ বাবে পৰিকল্পনাটো সলনি কৰিব লগীয়া হৈছিল । এই কথা পঞ্জাৱ আৰক্ষীয়ে প্ৰতিবাদীক জনাইছিল বুলি গৃহ মন্ত্ৰালয়ক প্ৰতিবেদন দিছে চোৰাংচোৱাই ৷
পাঞ্জাৱৰ মুখ্যমন্ত্ৰী চান্নীয়ে বিমানবন্দৰতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা কথা আছিল যদিও মুখ্য সচিবজন শেষ মুহূৰ্তত কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পিছত মুখ্যমন্ত্ৰীয়েও তেওঁৰ পৰিকল্পনা বাতিল কৰে। কাৰণ মুখ্যমন্ত্ৰীগৰাকী মুখ্য সচিবৰ সংস্পৰ্শলৈ আহিছিল।
আনহাতে বতৰ বেয়া বাবেই
প্ৰধানমন্ত্ৰীয়েও পথেৰে ১০০ কিলোমিটাৰ অতিক্ৰম কৰাৰ সিদ্ধান্ত লয়। লগে লগে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলে ৰাজ্যৰ ডিজিপিৰ সৈতে কথা পাতি মতামত লয়। পিছত প্ৰতিবাদকাৰীৰ বাবে প্ৰধানমন্ত্ৰীৰ কনভয় ফিৰোজপুৰ সভাস্থলীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত পেয়াৰানা গাঁৱৰ ওচৰৰ এখন উৰণীয়া সেঁতুৰ ওপৰত আবদ্ধ হৈ পৰে। তেতিয়া কৃষকসকলে ৰাজপথত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল। ফলত প্ৰধানমন্ত্ৰীৰ গাড়ীখন তাত প্ৰায় ১৫ ৰ পৰা ২০ মিনিট অপেক্ষা কৰিবলগীয়া হয় । প্ৰধানমন্ত্ৰী সেই সময়ত গাড়ীৰ ভিতৰত বহি থাকে আৰু কনভয়ৰ আন আন গাড়ীবোৰে প্ৰধানমন্ত্ৰীৰ গাড়ীখন ঘেৰি ৰাখে।
অৱশেষত পৰিস্থিতি উন্নত নোহোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে উভতি যোৱাৰ সিদ্ধান্ত লয়।
ভাৰতীয় কিষাণ ইউনিয়ন কৃষক নামৰ সংগঠনটোৱে পূৰ্বৰে পৰা প্ৰধানমন্ত্ৰীৰ কনভয় অৱৰোধৰ পৰিকল্পনা কৰিছিল। একেদৰে, কিষাণ ইউনিয়ন অফ ইণ্ডিয়াৰ কৰ্মীসকল পিয়াৰানা গাঁৱৰ ওচৰত একত্ৰিত হৈছিল।
এই ঘটনাৰ পিছত পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত অৱহেলা কৰাৰ অভিযোগ তুলি গৃহমন্ত্ৰী অমিত শ্বাহে এখন প্ৰতিবেদন প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰী চৰণজিৎ চান্নীয়ে অৱশ্যে ঘটনাটোক দুখজনক বুলি উল্লেখ কৰাৰ লগতে ফিৰোজপুৰৰ এছপিক ঘটনাটোৰ বাবে নিলম্বিত কৰিছে ।
