Daily Time Axom

জুবিনে উন্মোচন কৰিলে সাংবাদিক-শিল্পী-সাহিত্যিকৰ সহায়ৰ আঁচনি

0 9

অসমৰ ব্যক্তিগত চিকিৎসালয়সমূহৰ ভিতৰত অন্যতম নেমকেয়াৰে ৰাজ্যৰ সাংবাদিক-শিল্পী-সাহিত্যিক সকলক চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিব।এই উদ্দেশ্যে চিকিৎসাৰ ব্যয়ৰ ক্ষেত্ৰত কিছু সকাহ দিবলৈ নেমকেয়াৰে এক আঁচনি প্ৰস্তত কৰিছে।সাংবাদিক-শিল্পী-সাহিত্যিকক কিছু চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক সকাহ দিবলৈ নেমকেয়াৰে হেল্থ কাৰ্ড প্ৰদানৰ ব্যবস্থা কৰিছে।কাৰ্ডৰ জড়িয়তে চিকিৎসাৰ সমুদায় ব্যয়ৰ পৰা কিছু ৰেহাই দিয়া হ’ব।আজি তেজপুৰৰ নেমকেয়াৰ হাস্পতালত এই আঁচনিৰ শুভাৰম্ভ কৰা হয়। অসমৰ সুপৰিচিত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে আজি এই আঁচনিৰ শুভাৰম্ভ কৰি সাংবাদিকক এই কাৰ্ড প্ৰদান কৰে। নেমকেয়াৰত এই মৰ্মে অনুষ্ঠিত এখন সংবাদ মেলত জুবিন গাৰ্গেও এই আঁচনিৰ জড়িয়তে শিল্পী-সাহিত্যিক-সাংবাদিকক সহায় কৰিম বুলি প্ৰকাশ কৰে।বৃহস্পতিবাৰে সংবাদ মেলত নেমকেয়াৰৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱা-পৰিচিত চিকিৎসক প্ৰদীপ লহকৰো উপস্থিত থাকে।

(তেজপুৰৰ পৰা পিন্টু ৰয়ৰ বাতৰি)

Leave A Reply

Your email address will not be published.