মণিপুৰত দুটাকৈ বিস্ফোৰণ ৷ এজন নিহত৷
বুধবাৰে মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত দুটা আই ই ডি বিস্ফোৰণ সংঘটিত হৈছে ৷ বিস্ফোৰণত এজন আচাম ৰাইফলছৰ জোৱান নিহত আৰু আন এজন আহত হৈছে। আৰক্ষীয়ে কয় যে বিস্ফোৰণটো অসম ৰাইফলছৰ ষোল্ল বেটেলিয়নৰ জোৱানে ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলত টহল দি থকাৰ লগতে আন কেইজনমান অৰ্ধসামৰিক জোৱানে পানী যোগান পাম্পৰ ওচৰত বিশ্ৰাম লৈ থকা সময়ত সংঘটিত কৰে।
বিস্ফোৰণৰ পিছত অসম ৰাইফলছৰ জোৱান এল ৱাংচুৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আঘাতপ্ৰাপ্ত জোৱানজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ঘটনাৰ পাছত লিলং য়ুমখাইবাম এণ্টাছ খানৰ স্থানীয় বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলৰ নেতৃত্বত এটা আৰক্ষী দল ঘটনাস্থলীলৈ ৰাওনা হয়।
বুধবাৰৰ ঘটনাটো মণিপুৰত যোৱা ৫০ দিনত এনেধৰণৰ চতুৰ্থটো বিস্ফোৰণ ৷ অৱশ্যে এই বিস্ফোৰণ সন্দৰ্ভত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। লগতে, এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠন বা কোনো বিদ্ৰোহী গোটে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।