ক্ষতিগ্ৰস্ত হ’ব নেকি পৃথিৱী ! ১ কিঃ মিঃ দীঘল গ্ৰহাণু আহি আছে পৃথিৱীৰ দিশে ৷
সাৱধান,
পৃথিৱীৰ দিশে আহি আছে প্ৰায় এক কিলোমিটাৰ দীঘল এটা গ্ৰহাণু । যাৰ গতি ছেকেণ্ডত প্ৰায় ১৯.৫ কিলোমিটাৰ বা প্ৰতি ঘণ্টাত ৪৩,৭৫৪ মাইল । এই তথ্য প্ৰকাশ পাইছে নিউয়ৰ্ক পোষ্টত ।
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই কৈছে যে এইটো কেৱল বিশালেই নহয়, গ্ৰহাণুটো মানৱ সভ্যতাৰ বাবে বিপদজনক । গ্ৰহাণুৰ কক্ষপথ সাধাৰণতে সঘনাই সলনি হয়। যেতিয়া ই গ্ৰহ এটাৰ অতি ওচৰলৈ আহে, গ্ৰহাণুবোৰে গ্ৰহটোৰ শক্তিশালী মাধ্যাকৰ্ষণ শক্তিৰ ফলত গ্ৰহটোত আঘাত কৰাৰ সম্ভাৱনা বাঢ়ি যায় । এসময়ত, ইয়াৰ বাবেই ডাইনোচৰ বিলুপ্ত হৈছিল বুলি গৱেষকসকলে কয় ।
নাছাই কৈছে যে গ্ৰহাণুটো পৃথিৱীৰ অতি ওচৰত থাকিব। ই ১ কিমি বা ৩,২৮০ ফুট দৈৰ্ঘ্যৰ। গ্ৰহাণুটোৰ নাম হৈছে ‘(7482) ১৯৯৪ পিচি-১’। নাছাই লগতে কৈছে যে গ্ৰহাণুটো ৮৩ বছৰৰ পিছত আকৌ এবাৰ পৃথিৱীৰ খুব ওচৰলৈ আহিব। সম্ভৱত জানুৱাৰী ১৮, ২১০৫ চনত।
নাছাৰ প্ৰতিবেদন অনুসৰি এতিয়ালৈকে (৭৪৮২) ১৯৯৪ চনৰ পিচি-১ গতিপথ, পৃথিৱীৰ অতি ওচৰতে থকা বুলি ক’ব পাৰি, এইবাৰ পৃথিৱী বিপদত নপৰিবও পাৰে। কিয়নো যদি বৰ্তমানৰ গতিপথ বজাই ৰাখে, গ্ৰহাণুটো ওচৰ চাপিলেও চন্দ্ৰৰ দূৰত্বৰ কমেও ৫ গুণ হ’ব পৃথিৱীৰ পৰা ।