ক’ভিডত আক্ৰান্ত মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ অসমত এই পৰ্যন্ত মুঠ ৯ গৰাকী লোক ওমিক্ৰণত আক্ৰান্ত ৷
বৃহস্পতিবাৰে ক’ভিডত আক্ৰান্ত হৈছে মন্ত্ৰী পীয়ুষ হাজৰিকা। মন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে জনোৱা মতে, তেওঁৰ শৰীৰত পোৱা গৈছে কৰ’ণাৰ সামান্য লক্ষণ আৰু তেওঁ বৰ্তমান হোম আইছলেছনত আছে। ইতিমধ্যে GHMCH ত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে ।
ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। লগতে তেওঁ সকলোকে ক’ভিড বিধি মানিবলৈ চলিবলৈ আহ্বান জনাইছে । আনহাতে, অসমত এই পৰ্যন্ত মুঠ ৯ গৰাকী লোক ওমিক্ৰণত আক্ৰান্ত হৈছে আৰু ইয়াৰে তিনিগৰাকী ইতিমধ্যে আৰোগ্য হৈছে। তাৰ বিপৰীতে ৬ গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে। জানিব পৰা গৈছে যে, চিকিৎসাধীন হৈ থকা ব্যক্তিকেইগৰাকী ডিব্ৰুগড় জিলাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা আলতাভ হুছেইন নামৰ লোকজনো ইতিমধ্যে সুস্থ হৈ ঘৰলৈ গৈছে বুলি জানিব পৰা গৈছে।