’পৱিত্ৰ গছ’ কটা বাবেই হত্যা কৰিলে এজনক
ভাৰতৰ ঝাৰখণ্ডত চিমডেগাৰ মুণ্ডা সম্প্ৰদায়ৰ ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত গছ কটা বাবে এজন লোকক ইটা আৰু লাঠিৰে প্ৰহাৰ কৰাৰ পিছত ১৫০ জন লোকে তেওঁৰ মৃতদেহ জ্বলাই দিয়ে।
মৃত ব্যক্তিজনক সঞ্জু প্ৰধান বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা গৈছে যে সঞ্জুক প্ৰহাৰ কৰি হত্যা কৰাৰ কাৰণ মুণ্ডা সম্প্ৰদায়ৰ সৈতে এজোপা বিশেষ প্ৰজাতিৰ গছৰ লগত তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ সম্পৰ্ক আছে। সঞ্জুৱে সেই প্ৰজাতিটোৰ কেইবাজোপাও গছ কাটি যোৱা অক্টোবৰত বিক্ৰী কৰিছিল। সঞ্জুৱে মঙলবাৰে আন এজোপা গছ কাটিবলৈ গৈছিল। স্থানীয় লোকসকল সেয়ে ক্ষুব্ধ হয় আৰু প্ৰায় ১৫০ জন লোকে তেওঁক একেলগে আক্ৰমণ কৰে।
সঞ্জুৰ পৰিয়ালে কয় যে তেওঁক প্ৰথমে লাঠি আৰু ইটাৰে মাৰি হত্যা কৰা হয়। সঞ্জুৰ ঘটনাস্থলীতে মৃত্যু হয়। তাৰ পিছতে তেওঁৰ শৰীৰত জুই লগাই দিয়া হয় ।