“আমিন গাঁও ৰাজীৱ ভৱন পুনৰ উজ্জীৱত হ’ব । শীঘ্ৰে বিজেপি নেতাই যোগ দিব কংগ্ৰেছত ৷” জালুকবাৰীত কংগ্ৰেছৰ ৰমেন বৰঠাকুৰৰ আস্ফালন।
বিগতহবিধান সভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত বেয়াকৈ পৰাস্ত হোৱাৰ পিছত জালুকবাৰীমুখী হোৱা নাছিল কংগ্ৰেছৰ বিতৰ্কিত নেতাজন ৷
“পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ গাত কংগ্ৰেছৰ তেজ প্ৰৱাহিত হৈ আছে । এই দুই নেতাৰ গা হেনো কংগ্ৰেছ কংগ্ৰেছেই গোন্ধায় ।” আমিনগাঁও ৰাজীৱ ভৱনত বিধান সভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত ধাৰাশায়ী হোৱাৰ পিছত প্ৰথম বাৰলৈ উপস্থিত হৈ এ পি চি চিৰ সাধাৰণ সম্পাদক ৰমেন বৰঠাকুৰৰ এই মন্তব্য । বি জে পি দলক সমালোচনা কৰিবলৈ গৈ ক’লে, বিজেপি দলটোত কংগ্ৰেছৰ পৰা অহা নেতাই ভিৰ কৰিছে । আমিনগাঁও ৰাজীব ভৱন পুনৰ কাৰ্যক্ষম তথা ন ৰূপেৰে সজাই দলীয় কৰ্মীক উৎসাহ যোগোৱাৰ পৰিকল্গনা কৰিছে বুলি মন্তব্য এ পি চি চিৰ সাধাৰণ সম্পাদক তথা যোৱা বিধান সভা নিৰ্বাচনৰ জালুকবাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে । বৃহস্পতিবাৰে আমিন গাঁও ৰাজীব ভৱন পৰিদৰ্শন কৰি বৰঠাকুৰে জালুকবাৰীত পুনৰ খোপনি পুতিব বুলি দাবী কৰে ৷ ২৬ জানুৱাৰীৰ গণৰাজ্য দিবসত ন-ৰূপত কাৰ্যালয়টি উদঘাটন কৰাৰ কথা কয় কংগ্ৰেছৰ বিতৰ্কিত নেতা ৰমেন বৰঠাকুৰে ।
(চাংসাৰীৰ পৰা পঙ্কজ নাথৰ ৰিপ’ৰ্ট) ।