Daily Time Axom

ভয়কৰ! বিভৎস!সমকামী এপৰ দ্বাৰা চিনাকী হৈ মাতি আনি হত্যা কৰি খালে দেহৰ মাংস

0 11

আৰ্থিকভাৱে স্বচ্ছলো আছিল মানুহজন । পছন্দৰ খাদ্য খোৱাত কোনো সমস্যা নাছিল। কিন্তু বাৰ্লিনৰ প্ৰাক্তন শিক্ষকজন বেলেগ মানসিক সমস্যাৰে ভাৰাকান্ত আছিল ! সেয়েহে তেওঁ নৱপৰিচিত মানুহজনক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল আৰু তেওঁক হত্যা কৰি মাংস খাইছিল।

বাৰ্লিনৰ আদালতে ৪২ বছৰীয়া অপৰাধী নৰখাদক অ’আৰ ষ্টিফানক আজীৱন কাৰাদণ্ড ৰায় প্ৰদান কৰে। বিচাৰক মেথিয়াছ চাৰ্টজে ৰায়টো ঘোষণা কৰে, “মই মোৰ তিনি দশকৰ কেৰিয়াৰত এনে ঘটনা কেতিয়াও দেখা নাই।”

আৰক্ষীৰ অনুসন্ধানে প্ৰকাশ কৰিছে যে ঘটনাটো ২০২০ চনত হৈছিল। ষ্টিফানে মৃতকজনক এটা ‘ডেটিং এপৰ’ জৰিয়তে পৰিচয় হৈছিল। তাৰ পিছত তেওঁক ঘৰলৈ মাতিছিল আৰু ড্ৰাগছ দিছিল খাব দি ডিঙি কাটিছিল। আৰক্ষীয়ে ধাৰণা কৰিছে সম্ভৱতঃ, অপৰাধীজনে ভাবিছিল যে মানুহৰ যৌনাঙ্গ খোৱাটোৱে যৌন শক্তি বৃদ্ধি কৰিব। গতিকে তেওঁ মানুহজনৰ যৌনাঙ্গ কাটি পেলায়। মৃতদেহটো টুকুৰা-টুকুৰা কৰি চহৰৰ বিভিন্ন ঠাইত সিঁচৰতি কৰি পেলায় । ২০২০ চনৰ নৱেম্বৰ মাহত জাৰ্মান আৰক্ষীয়ে মানুহৰ হাড় বিচাৰি পোৱাৰ পিছত বাৰ্লিনৰ উত্তৰ-পূবৰ এখন উদ্যানত অনুসন্ধান কৰে। ষ্টিফান, এই নৰখাদকক বিভিন্ন উৎসত জড়িয়তে গ্ৰেপ্তাৰ কৰা হৈছে।ষ্টিফানৰ উকীলে যুক্তি দিছিল যে ষ্টিফান আৰু মৃত দুয়ো সমকামী আছিল আৰু সেইকাৰণে তেওঁলোক সেই ডেটিং এপৰ জৰিয়তে পৰিচয় হৈছিল। লগতে হত্যাৰ অভিযোগ অস্বীকাৰ কৰি ষ্টিফেনে দাবী কৰিছে যে মানুহজন তেওঁৰ ঘৰলৈ আহিছিল আৰু আকস্মিকভাৱে মৃত্যু বৰণ কৰে। তাৰ পিছত তেওঁ তেওঁৰ যৌনাঙ্গ আৰু শৰীৰৰ আন কিছু অংশ কাটি পেলায়। কিন্তু বিচাৰকজনে তেওঁৰ ভাষ্য খাৰিজ কৰিছে ।

Leave A Reply

Your email address will not be published.