বাজেট অধিৱেশন আগতে সংসদত ৪০০ৰো অধিক ক’ভিডত আক্ৰান্ত
সন্মুখত সংসদৰ বাজেট অধিৱেশন । এতিয়া ৪০০ ৰো অধিক সংসদকৰ্মী ক’ভিড আক্ৰান্ত হৈছে। সংসদৰ মুঠ ১,৪০৯ জন লোকক ক’ভিড পৰীক্ষা কৰা হৈছিল। ইয়াৰ ভিতৰত, ৪০২ জনেই পজিটিভ হৈছে । সূত্ৰৰ মতে, “পৰীক্ষাৰ ফলাফল ৪ ৰ পৰা ৮ জানুৱাৰীৰ ভিতৰত আহিছিল। সংক্ৰমিত লোকৰ নমুনা জিন পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বাজেট অধিৱেশন সাধাৰণতে জানুৱাৰীৰ শেষ সপ্তাহত প্ৰতি বছৰে আৰম্ভ হয়। এতিয়া উদ্বেগৰ সৃষ্টি হৈছে কিয়নো বহুতো সংসদ কৰ্মী কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছে। ইয়াৰ মাজতে, শাসকীয় বিৰোধী দলৰ বহুতো সাংসদ কৰ’না আক্ৰান্ত হৈছে। কাৰ লগে লগেই কৰ্মচাৰীসকলক ক’ভিড নিয়ম অনুসৰণ কৰিবলৈ কোৱা হৈছে। ৪০২ জনৰ ভিতৰত ২০০জন লোকসভা, ৬৯ জন ৰাজ্যসভা আৰু বাকী ১৩৩ জনৰো কোভিড পজিটিভ হৈছে। সংসদ ভৱনৰ ভিতৰত কাম কৰা সকলৰ ভিতৰত, ৪০২ জন সংক্ৰমিত হৈছে। তালিকাখনত সংসদ ভৱনৰ বাহিৰত কাম কৰা সকলৰ মাজত কোন সংক্ৰমিত হৈছে তাৰ উল্লেখ নাই।
শনিবাৰৰ তুলনাত দেশত ঘটনাৰ সংখ্যা ১২ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত ১,৫৯,৬৩২ জন লোক কোভিডৰ দ্বাৰা আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৩,৬২৩ জন লোক ওমিক্ৰনত ভুগিছে।